চিলাপথাৰত মৰ্মান্তিক ঘটনাঃ দুৰ্ঘটনাত দুই ভাতৃৰ কৰুণ মৃত্যু, তিনি মাহৰ পূৰ্বে একেটা দিনতে কৰাইছিল বিয়া…

ডিজিটেল সংবাদ, চিলাপথাৰঃ যোৱা ২৪ জুনত চিলাপথাৰ ডিমৌত সংঘটিত ভয়ংকৰ দুৰ্ঘটনাত বাবু ৰাজবংশী (২৭) আৰু ৰাজু ৰাজবংশী (২৬) নামৰ দুজন ভাতৃৰ মৃত্যু হয়। ঘটনাৰ দিনাটোতে বাবুয়ে শেষ নিশ্বাস ত্যাগ কৰে। ইপিনে ডিব্ৰুগড়ত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছিল ভাতৃ ৰাজু ৷ পিছে চাৰিটা দিনে মৃত্যুৰ সৈতে যুঁজি অৱশেষত হাৰ মানিলে কণিষ্ঠ ভাতৃ ৰাজুৱে।

যোৱা নিশা এ এম চি’ত চিৰ বিদায় মাগিলে। উল্লেখযোগ্য যে ঘটনাৰ দিনা চিলাপথাৰ শিয়াল চাপৰিৰ অনু ৰাজবংশীৰ দুই পুত্ৰ বাবু আৰু ভাতৃ ৰাজুৰ সৈতে নিজা বাইকেৰে ডিমৌৰ কৰ্মস্থানৰ পৰা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ঘৰলৈ আহি আছিল। পিছে ডিমৌ গোলাইত এখন বিপৰিতমুখী অ’টৰ সৈতে ভয়ংকৰ সংঘৰ্ষ লাগে। ঘটনাতে দুই ভাতৃৰ প্ৰাণ নাশ হোৱা মৰ্মান্তিক ঘটনাই শোকৰ ছাঁ পেলাইছে।

এখন ফাৰ্নিচাৰৰ দুজনত কাম কৰি পৰিয়াল পোহ পাল দিয়া ভাতৃদ্বয়ে মাত্ৰ তিনিটা মাহৰ পূৰ্বে একেটা দিনতে বিবাহ পাশত আৱদ্ধ হৈছিল। প্রাণঘাটী ঘটনাটোৱে একেটা দিনতে বিয়া কৰোৱা দুজন যুৱকৰ লগতে দুগৰাকীকৈ নৱ পৰিণীতাক বিধৱা কৰালে। হাহাকাৰ লাগিছে দুৰ্ভগীয়া পৰিয়ালটোৰ। ঘটনাটোক লৈ সমগ্ৰ গাঁও খনতে কান্দোনৰ ৰোল উঠিছে। প্ৰবোধ দিবলৈ ভাষা হেৰাল প্ৰতিবেশীৰ।

The post চিলাপথাৰত মৰ্মান্তিক ঘটনাঃ দুৰ্ঘটনাত দুই ভাতৃৰ কৰুণ মৃত্যু, তিনি মাহৰ পূৰ্বে একেটা দিনতে কৰাইছিল বিয়া… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3diM2pi
via IFTTT

Comments