পুৱাৰ খবৰ…

১. অসমত পুনৰ ১৫২৩জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ইয়াৰে ১৪৯জন কামৰূপ মেট্ৰ’ৰ, ১৩৭জন শোণিতপুৰৰ, ১০৯জন যোৰহাটৰ আৰু ৯৫জন গোলাঘাটৰ। এতিয়ালৈকে ৰাজ্যত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৫০০৬৪৪জনলৈ পাইছে বৃদ্ধি। ৰাজ্যত দেওবাৰৰ দিনটোত সুস্থ হয় ৩২৬১জন লোক। ইয়াৰ বিপৰীতে উক্ত দিনটোত অসমত কোৰোনাত আক্ৰান্ত ৩৭জন লোকৰ মৃত্যু। ৰাজ্যত এতিয়াও কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ২৫৭৯০জন ৰোগী।

২. টীয়কৰ কলিয়াপানীৰ সমীপত আজি সন্ধিয়া প্ৰায় ৯ বজাত এখন মাৰুতি কাৰলৈ আৰক্ষীৰ গুলী চালনা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । জানিব পৰা মতে গৌৰীসাগৰ আৰক্ষী থানাৰ সন্মুখত থকা নিয়মীয়া তালাচীত ৰখাবলৈ কৈছিল মাৰুতি কাৰখন। কিন্তু চালকে গাড়ীখন নৰখোৱাত আৰক্ষীয়ে খেদি আহি টীয়কৰ কলিয়াপানীৰ সমীপত গাড়ীখনলৈ বুলি গুলী কৰাত মাৰুতি কাৰখনৰ আগ চকা ব্ৰাষ্ট হোৱাত ৰৈ যায় গাড়ী খন ।মাৰুতি কাৰখনৰ নম্বৰ  হৈছে AS 05 A 4550 ।

৩. তেজপুৰৰ বিশিষ্ট পশু চিকিৎসক ডাঃ দিলীপ কুমাৰ শৰ্মাৰ দেহাৱসান। দেওবাৰে নিশা ৮:০৪ বজাত গুৱাহাটীৰ জি.এন.আৰ.চি চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে ডাঃ শৰ্মাই। কিছুবছৰ পূৰ্বে লখিমপুৰ জিলাৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ যুটীয়া সঞ্চালক ৰূপে অৱসৰ গ্ৰহণ কৰিছিল তেওঁ। তেজপুৰ সাহিত্য চ’ৰাৰ দৰে তেজপুৰৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ সৈতে জড়িত ডাঃ শৰ্মাৰ মৃত্যুৰ সময়ত বয়স আছিল ৬৩ বছৰ।

৪. অনাগত সময়ত বানাক্ৰান্ত কৃষকৰ সহায় হোৱাকৈ সময়ত কঠিয়া যোগান দিবৰ বাবে দেওবাৰে বোকাখাতৰ পানবাৰী নিগমৰ মাটিত কঠিয়া সিঁচে কৃষি মন্ত্ৰী অতুল বৰাই ৷ দুৰ্যোগ প্ৰশমন বিভাগ আৰু বোকাখাত মহকুমা কৃষি বিভাগৰ উদ্যোগত বোকাখাতৰ পানবাৰী কৃষি পাম নিগমৰ ১৫০ বিঘা মাটিত দেওবাৰে কঠিয়া সিঁচাৰ কাৰ্যসূচী আয়োজন কৰে ৷ বিভাগৰ দ্বাৰা সিঁচা এই কঠিয়া বানাক্ৰান্ত কৃষকৰ মাজত বানপানীৰ সময়ত বিনামূলীয়াকৈ বিতৰণ কৰা হ’ব বুলি মন্ত্ৰী অতুল বৰাই জানিবলৈ দিয়ে।

৫. ৰাজ্য কঁপোৱা মৰিগাঁৱৰ নাবালিকা ধৰ্ষণকৰীক চিনাক্ত। চুবুৰীয়া ছৈয়দ আলীয়ে ধৰ্ষণ কৰাছিল ৯ বছৰীয়া নাবলিকাক। ঘটনাৰ দিনা পুৱাৰে পৰা সন্ধানহীন হৈ আছিল নাবালিকা গৰাকী। ধৰ্ষণ কৰি নৃশংস ভাৱে হত্যা কৰি পেলাই দিছিল মৰাপাটৰ খেতিত। আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে লম্পদ ছৈয়দ আলীক। ৬৫ বছৰীয়া ছৈয়দ আলীয়ে ২০ জুনত ধৰ্ষণ কৰি হত্যা কৰিছিল। ছৈয়দ আলীয়ৰ ফাঁচিৰ দাবীত উত্তাল সমগ্ৰ ভূৰাগাঁও ।

৬. চৰকাৰী নিৰ্দেশ মৰ্মে মাতৃৰ কাষৰ পৰাই লৈ যোৱা হ’ল অখিল গগৈক। মাতৃৰ চৰণ চুই বিদায় মাগিলে নৱ নিৰ্বাচিত বিধায়ক গৰাকীয়ে। কান্দি কান্দি পুত্ৰক বিদায় দিলে প্ৰিয়দা গগৈয়ে। এতিয়াও নিশ্চিত নহয় বিধায়ক গৰাকীৰ ভবিষ্যৎ। অখিলৰ বিদাই বেলাত শোকাকুল পৰিস্থিতি সমগ্ৰ চেলেংহাটত। 

৭. সমগ্ৰ ৰাজ্যৰ লগতে নলবাৰী জিলাতো অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান । নলবাৰী জিলাৰ দৌলাশাল আৰক্ষীয়েও অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান। দৌলাশাল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজশ্ৰী বুঢ়াগোহাঁয়ে গোপন খবৰৰ ভিত্তিত শনিবাৰে চলাইছিল ড্ৰাগছ বিৰোধী অভিযান। শনিবাৰে সন্ধিয়া দৌলাশাল আৰক্ষীয়ে দুটাকৈ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় । ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটা বৰক্ষেত্ৰীৰ মুকালমুৱা থানাৰ অন্তৰ্গত ডিৰুৱাৰ আইজুদ্দিন আলীৰ পুত্ৰ মৃদুল আলী আৰু বৰ্ণিবাৰীৰ কামেজ আলীৰ পুত্ৰ নজৰুল হক বুলি জানিব পৰা গৈছে ।

৮. কাশ্মীৰৰ বিমানবন্দৰত দুটাকৈ ড্ৰোন বিস্ফোৰনৰ ঘটনা। দেওবাৰৰ পুৱতি নিশা ২ বজাত সংঘটিত হৈছিল এই ঘটনা। খবৰ অনুসৰি এই বিস্ফোৰণ সংঘটিত কৰা হৈছিল কাৰিকৰী ক্ষেত্ৰত । ৫ মিনিটৰ ব্যৱধানত দুটাকৈ বিস্ফোৰণ সংঘটিত হৈছিল। এই ঘটনাৰ পাছতেই বন্ধ কৰি দিয়া হৈছিল সমগ্ৰ অঞ্চলটো । ঘটনাস্থলীত ফৰেনচিকৰ এটা দল উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। পাৰম্ভিক অনুসন্ধানত দুটা ড্ৰোন ব্যৱহাৰ কৰাৰ সন্দেহ কৰা হৈছে।

৯. দীঘলীপুখুৰীত অস্বাভাৱিক হাৰত মৃত্যু হৈছে শ শ মাছৰ। যোৱা শনিবাৰৰে পৰা দীঘলী পুখুৰীত আৰম্ভ হৈছে মাছৰ মৃত্যু প্ৰক্ৰিয়া। দেওবাৰে পুৱাৰ ভাগতে দীঘলীপুখুৰীত উপঙি থকা দেখা যায় শ শ সৰু-ডাঙৰ মাছ। মৃত্যু হোৱা এই মাছৰ ওজন ১ কেজিৰ পৰা ১০কেজি পৰ্যন্ত। গুৱাহাটীৰ মাজমজিয়াতে থকা ঐতিহ্যমণ্ডিত এই পুখুৰীটোত হঠাতে কিয় এনে মাছৰ মৃত্যু প্ৰক্ৰিয়া আৰম্ভ হল তাক লৈ তদন্ত চলাই হৈছে যদিও প্ৰাৰম্ভিক পৰ্যায়ৰ তদন্তত অক্সিজেনৰ মাত্ৰা কম হোৱাৰ ফলতে মৃত্যুৰ আশংকা কৰা হৈছে।

১০. বোকাজান মহকুমাৰ ডিলাই থানাৰ অন্তৰ্গত পুৰণা লাহৰিজানৰ সীমান্ত তহলদাৰী চকীৰ এচ আই মনোজল গগৈৰ নেতৃত্বত হোৱা আৰক্ষীৰ বিশেষ তালাচীত জব্দ হৈছে বৃহৎ পৰিমাণৰ গাঞ্জা।গাঞ্জা খিনি এখন ট্ৰাকত মণিপুৰৰ পৰা লৈ অহা হৈছিল বুলি জানিব পৰা গৈছে।ট্ৰাক খনৰ নম্বৰ আছিল AS 01KC-9163 আৰু ট্ৰাক খনৰ চালকৰ লগতে আন এজনক আটক কৰিছে আৰক্ষীয়ে। আটকাধীন চালক জন হৈছে মনিপুৰৰ ৰাজেশ্বৰ সিং আৰু আনজন মণিপুৰৰে টনাবাম টাচকেন বুলি জানিব পৰা গৈছে।

The post পুৱাৰ খবৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3vYjQyM
via IFTTT

Comments