টীয়কত আৰক্ষীৰ গুলী মাৰুতি কাৰলৈ…

ডিজিটেল সংবাদ, টীয়কঃ টীয়কৰ কলিয়াপানীৰ সমীপত এখন মাৰুতি কাৰলৈ আৰক্ষীৰ গুলী চালনা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । জানিব পৰা মতে গৌৰীসাগৰ আৰক্ষী থানাৰ সন্মুখত থকা নিয়মীয়া তালাচীত ৰখাবলৈ কৈছিল মাৰুতি কাৰখন। কিন্তু চালকে গাড়ীখন নৰখোৱাত আৰক্ষীয়ে খেদি আহি টীয়কৰ কলিয়াপানীৰ সমীপত গাড়ীখনলৈ বুলি গুলী কৰাত মাৰুতি কাৰখনৰ আগ চকা ফুটিঁ যোৱাত ৰৈ যায় গাড়ী খন ।মাৰুতি কাৰখনৰ নম্বৰ হৈছে AS 05 A 4550 । গৌৰীসাগৰ আৰক্ষীয়ে আটক কৰিছে টীয়কৰ হাঁহচৰাৰ ধ্ৰুৱজ্যোতি গগৈ নামৰ এজন যুৱকজনক । ঘটনাৰ সবিশেষ জানিব পৰা হোৱা নাই । আৰক্ষীয়ে সোধপোচ অব্যাহত ৰাখিছে ।

The post টীয়কত আৰক্ষীৰ গুলী মাৰুতি কাৰলৈ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/35Xy9Jm
via IFTTT

Comments