ইতিহাস হ’ব নেকি বিশ্ব বিৰল অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ…

ডিজিটেল সংবাদ, নাৰায়ণপুৰ : বিশ্বৰ ভিতৰতে বিৰল অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ । শ শ পৰিয়ালৰ জীৱন-জীবিকাৰ থলি এই উদ্যোগটো । সম্প্ৰতি ইতিহাসৰ বুকুত হেৰাই যোৱাৰ উপক্ৰম হৈছে এই বিশাল উদ্যোগটো । দুটাকৈ বিভীষিকাময় বৰ্ষই কোঙা কৰি পেলাইছে এই উদ্যোগটোৰ লগত জড়িত সকলৰ জীৱন ৷ কাল ক’ৰোনাই আচম্বিতে ম্লান কৰিলে বহুতৰ নিচা আৰু পেচা ৷ ক’ৰোনাৰ বিভিষিকা ময় পৰিস্থিতিৰ বাবেই সম্প্ৰতি অস্তগামী হোৱাৰ উপক্ৰম হৈছে অসম গৌৰৱ তথা সমগ্ৰ বিশ্বতেই বিৰল উদ্যোগ ভ্ৰাম্যমাণ থিয়েটাৰ ৷

৫৬ টা গৌৰৱোজ্বল বৰ্ষ গৰকাৰ পিছত হঠাতে বিশ্বব্যাপী দেখা দিয়া ক’ভিড-১৯ৰ বাবে অদ্যাপি স্তব্ধ হৈ পৰিছে ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰদৰ্শনী ৷ পৰিনতিত ৰাজ্যখনৰ এই বিশাল উদ্যোগটোৰ লগত জড়িত শিল্পী, কলা-কুশলীৰ লগতে প্ৰযোজক সকলৰ অৱস্থা সম্প্ৰতি পানীত হাঁহ নচৰাৰ দৰে হৈছে ৷ হঠাতে অহা দুৰ্যোগৰ বলি হৈ এতিয়া ভ্ৰাম্যমাণ থিয়েটাৰৰ নগত জড়িত বহুতেই হেৰুৱাই পেলাইছে জীবিকা ৷ ৰান্ধনীজনৰ পৰা আৰম্ভ কৰি মঞ্চসজ্জা,অভিনয় আৰু সংগীত শিল্পীৰ লগতে গাড়ী চালকজনৰো যেন মূৰত সৰগ ভাগি পৰিল ৷

অভিনয়কে একমাত্ৰ পেচা হিচাপে লৈ বছৰ বছৰ ধৰি ভ্ৰাম্যমাণ থিয়েটাৰৰ লগত জড়িত হৈ অহা শিল্পীসকলে এতিয়া বিছাৰি পোৱা নাই উপাৰ্জনৰ বাট ৷ ২০২০-২১ বৰ্ষৰ প্ৰদৰ্শনী বাতিল হোৱাৰ পিছত আশাৰে বাট চাই ৰোৱা শিল্পী-প্ৰযোজক সকলে ২০২১-২২ বৰ্ষত নাটক প্ৰদৰ্শনৰ বাবে এই পৰ্যন্ত পোৱা নাই সেউজ সংকেত ৷ দুটা বছৰে অচল হৈ থকা ৰাজ্যৰ বিভিন্ন নাট্যদলৰ সামগ্ৰীসমূহো অব্যৱহৃত হৈ থকাৰ ফলত জহি খহি হোৱাৰ দিশে গতি কৰিছে ৷ ফলত বৃহৎ লোকচানৰ সন্মুখীন হ’বলগা হৈছে বিশাল বাজেটেৰে আগবঢ়া প্ৰযোজক সকল ৷

দুৰ্দোল্যমান অৱস্থাৰ মাজতে আগন্তুক নাট্যবৰ্ষৰ বাবে বহুকেইটা ভ্ৰাম্যমাণ থিয়েটাৰৰ দলে প্ৰস্তুতি চলাই থকাৰ মাজতে যোৱা ২৩ জুনত সদৌ অসম ভ্ৰাম্যমাণ প্ৰযোজক সন্থাৰ এখন সভাৰ সিদ্ধান্ত মৰ্মে পৰিস্থিতি অনুকুল হ’লে অহা চেপ্তেম্বৰ মাহত আখৰা আৰম্ভ কৰি অক্টোবৰ মাহৰ পৰা নাট প্ৰদৰ্শনী আৰম্ভ কৰিব অসমৰ ভ্ৰাম্যমাণ নাট্য দল সমূহে । ৰাজ্যখনৰ অন্যান্য ভ্ৰাম্যমাণ নাট্য দল সমুহৰ সমান্তৰালকৈ বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে নাৰায়ণপুৰৰ হিমাদ্ৰী থিয়েটাৰ । মহাপুৰুষ মাধৱদেৱৰ পৱিত্ৰ স্মৃতিত চাৰিটা বছৰৰ পূৰ্বে নাৰায়ণপুৰৰ পৰা আত্মপ্ৰকাশ কৰা হিমাদ্ৰী থিয়েটাৰ পৰিয়ালৰো এতিয়া অনুৰূপ অৱস্থা ৷

থিয়েটাৰখনৰ প্ৰযোজক নৱজ্যোতি বুল শইকীয়াই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে কৰ’নাৰ দ্বিতীয় ঢৌৰ আগে আগে পৰিস্থিতি কিছু সুস্থিৰ হোৱাত আগন্তুক নাট্যবৰ্ষৰ বাবে ইতিমধ্যে বেনাৰসমূহ ছপা কৰাৰ লগতে শিল্পী-কলাকুশলী সকলৰ লগতো চুক্তিবদ্ধ হৈছিল ৷ আনকি মূল আকৰ্ষণৰ অভিনয় শিল্পীক আগধন পৰ্যন্ত প্ৰদান কৰা হৈছিল জুলাই মাহৰ মাজ ভাগত আখৰা আৰম্ভ কৰাৰ পৰিকল্পনা কৰা থিয়েটাৰ খনৰ প্ৰযোজকে ৷ বহু আশাৰে ভাল দিনলৈ বাট চাই থকা থিয়েটাৰখনৰ কলা-কুশলীসকলেও দুটা বছৰে আয়ৰ উৎসৰ পৰা বঞ্চিত হৈ নাজল নাথল অৱস্থাৰ সন্মুখীন হৈছে ৷

বিগত বৰ্ষত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বহু শিল্পীলৈ আৰ্থিক সাহাৰ্য আগবঢ়াইছিল যদিও থিয়েটাৰখনৰ শিল্পীসকলে লাভ নকৰিলে সেই সাহাৰ্য্যৰ ধন ৷ এইসকল শিল্পীয়েও আশা প্ৰকাশ কৰিছে যে চৰকাৰে তেওঁলোকৰ প্ৰতিও সুদৃষ্টি নিক্ষেপ কৰিব ৷ এক কথাত ক’বলৈ গ’লে সম্প্ৰতি অনাকাংখিত ভবিষ্যতৰ কথা চিন্তা কৰি মুৰে-কপালে হাত দিছে ভ্ৰাম্যমাণ নাট্য দল হিমাদ্ৰী থিয়েটাৰৰ শিল্পী-প্ৰযোজকে । আগন্তুক সময়ত যদি ৰাজ্যৰ ভ্ৰাম্যমাণ নাট্য দল সমূহে নাটক মঞ্চস্থ কৰাৰ পৰিৱেশ লাভ নকৰে তেন্তে শ শ পৰিয়ালৰ জীৱন আৰু জীৱিকাৰ থলি এই বৃহৎ উদ্যোগটো যে কালৰ বুকুত হেৰাই যাব ই প্ৰায় নিশ্চিত হৈ পৰিছে ৷।

The post ইতিহাস হ’ব নেকি বিশ্ব বিৰল অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3h2hf2w
via IFTTT

Comments