ঘোচখোৰ লাটমণ্ডল হেমন্ত গোঁহাইক নিলম্বনঃ মন্ত্ৰী যোগেন মহনে ফেচবুকত কৰিলে বিশেষ আহ্বান

ডিজিটেল সংবাদ ছয়দুৱাৰ: নিজৰ কু-কৰ্মৰ বাবে অৱশেষত চাকৰিৰ পৰা নিলম্বিত হ’বলগীয়া হ’ল গহপুৰ ৰাজহ চক্ৰৰ ঘোচখোৰ লাট মণ্ডল হেমন্ত গোঁহাই।এগৰাকী আবেদন কাৰীক উৎকোচ দাবীকে ধৰি একাধিক অভিযোগত অভিযুক্ত লাটমণ্ডল হেমন্ত গোহাঁইৰ অপকৰ্মৰ বিষয়ে অসমীয়া প্ৰতিদিনত ইতিমধ্যে বিস্তৃত প্ৰতিবেদন প্ৰকাশ পাই গৈছে।যাৰ বাবে লাট মণ্ডল গোঁহাইৰ কাণ্ডক লৈ চৰম অস্বস্তিত পৰিবলগীয়া হয় গহপুৰ ৰাজহ চক্ৰৰ সংলগ্ন ৰাজহ চক্ৰ বিষয়া নমিতা বৰা।
ক্লিক কৰি পঢ়কঃ দুৰ্নীতিত লিপ্ত লাট মণ্ডলক নিলম্বনঃ ফেচবুকৰ জৰিয়তে অভিযোগ দিব পাৰিব মন্ত্ৰীক
চক্ৰ বিষয়া নমিতা বৰাই লাট মণ্ডল হেমন্ত গোহাইৰ বিৰুদ্ধে উথাপন হোৱা অভিযোগ সমূহক যথেষ্ট গুৰুত্ব প্ৰদান কৰি তেওঁলৈ যোৱা ২৭ জুনত কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছিল।তদুপৰি চক্ৰ বিষয়া নমিতা বৰাই এই সমস্ত বিষয় যোৱা ২৭ জুনত জি আৰ চি/৪/২০১৪/অংশ | |/১০৯২(এ)নং পত্ৰ যোগে গহপুৰ মহকুমাৰ মহকুমাধিপতিক জনোৱাৰ উপৰিও ইয়াৰ প্ৰতিলিপি বিশ্বনাথ জিলাৰ উপায়ুক্তলৈও প্ৰেৰণ কৰিছিল।
উল্লেখযোগ্য যে,মাফিয়াৰ কায়দাৰে উৎকোচ বিচাৰি নিজৰ পদমৰ্য্যদা কলংকিত কৰি তোলা লাটমণ্ডল হেমন্ত গোহাঁইক ইয়াৰ পূৰ্বেও ১৮ জুনত কাৰণ দৰ্শোৱাৰ জাননী দিছিল চক্ৰ বিষয়া নমিতা বৰাই।কাৰ্য্যলয়ত অনিয়মিত উপস্থিতি আৰু বিভাগীয় কামত দায়িত্বহীন হোৱাৰ বাবে তেওঁৰ পৰা কৈফয়ৎ বিচাৰি পত্ৰ প্ৰেৰণ কৰিছিল যদিও তেওঁৰ উত্তৰত সন্তুষ্ট হোৱা নাছিল চক্ৰ বিষয়া নমিতা বৰা।লাটমণ্ডল গৰাকীৰ বিষয়ে গোটেই বোৰ বিষয় সামৰি চক্ৰ বিষয়াগৰাকীয়ে গহপুৰ মহকুমাৰ মহকুমাধিপতিক দিয়া প্ৰতিবেদনৰ ভিত্তিত মহকুমাধিপতি আদিত্য বিক্ৰম যাদবে জিপিচি/১/২০২১/১১৫৫নং পত্ৰযোগে বিশ্বনাথ জিলাৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাক অবগত কৰে।ইয়াৰ ভিত্তিতে Rule 6(|) of Assam Services (Discipline and Appeal) Rules,1964 Pending drawal of departmental proceeding ৰ অধীনত লাটমণ্ডল হেমন্ত গোহাইক সোমবাৰৰ পৰা কাৰ্য্যকৰী হোৱাকৈ জিলা উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাই চাকৰিৰ পৰা নিলম্বিত কৰিছে।
এইক্ষেত্ৰত জিলা উপায়ুক্তই বি আৰ কে-৭৭/২০১৭/১০৩ নং পত্ৰ যোগে এক নিৰ্দেশনা জাৰি কৰিছে।নিৰ্দেশনাটোত নিলম্বনৰ অন্যতম কাৰণ ‘ঘোৰ অনিয়ম’ বুলি উল্লেখ আছে।উল্লেখযোগ্য যে,উৎকোচ কাণ্ডটোৰ সন্দৰ্ভত অভিযোগকাৰীয়ে লিখিত ভাবে মহকুমাধিপতি আৰু চক্ৰ বিষয়াক অভিযোগ দাখিল কৰিলে কিম্বা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিলে ঘোচখোৰ লাটমণ্ডল হেমন্ত গোহাঁই আৰু অধিক বিপদত যে পৰিব সেয়া নিশ্চিত।
ইফালে এই ঘটনা সন্দৰ্ভত ৰাজহ মন্ত্ৰী যোগেন মহনেও নিজৰ ফেচবুক একাউণ্টৰ জৰিয়তে উল্লেখ কৰিছে। মন্ত্ৰীগৰাকীয়ে দুৰ্নীতিত অভিযুক্ত লাট মণ্ডল হেমন্ত গোঁহাইক নিলম্বন কৰাৰ কথা উল্লেখ কৰি এনেধৰনৰ দুৰ্নীতিৰ কাৰ্যক প্ৰশ্ৰয় দিয়া নহ’ব বুলি উল্লেখ কৰিছে। ইয়াৰ উপৰিও দুৰ্নীতি সম্পৰ্কীয় অভিযোগত তেওঁক ফেচবুকত মেছেজ কৰিও ব্যক্তিগতভাৱে জনাব পাৰিব বুলি উল্লেখ কৰিছে।
The post ঘোচখোৰ লাটমণ্ডল হেমন্ত গোঁহাইক নিলম্বনঃ মন্ত্ৰী যোগেন মহনে ফেচবুকত কৰিলে বিশেষ আহ্বান appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3x7f833
via IFTTT
Comments
Post a Comment