বৃষ্টিপাতৰ লগতে ধৰালৈ প্ৰচণ্ড শীতঃ আগন্তুক এসপ্তাহলৈ বৃদ্ধি পাব শীতৰ প্ৰকোপ!

ডিজিটেল ডেস্কঃ বতৰ বিজ্ঞান কেন্দ্ৰই বৃহস্পতিবাৰে প্ৰদান কৰা আগজাননীয়ে সচাঁ হ’ল। শুকুৰবাৰে পুৱাৰ পৰাই বৃষ্টিপাতৰ লগতে ধৰালৈ নামিল প্ৰচণ্ড শীত। বৃহস্পতিবাৰে বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছিল যে, শুকুৰবাৰৰ পৰা গুৱাহাটী মহানগৰকে ধৰি ৰাজ্যৰ কেইবাখনো জিলাত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ফলত শীতৰ প্ৰকোপ বৃদ্ধি পাব। শুকুৰবাৰে গুৱাহাটী মহানগৰত পাৰাস্তম্ভ সৰ্বনিম্ন ১২ ডিগ্ৰী ছেলচিয়াছলৈ হ্ৰাস পোৱাৰ সম্ভাৱনাৰ কথাও ব্যক্ত কৰিছিল বতৰ বিজ্ঞান কেন্দ্ৰই।

বতৰ বিজ্ঞান কেন্দ্ৰই লগতে জনাইছিল যে, শনিবাৰৰ পৰা অহা বৃহস্পতিবাৰলৈকে প্ৰচণ্ড শীতৰ কবলত পৰিব গুৱাহাটী মহানগৰী। সেইদৰে ডিব্ৰুগড়, যোৰহাট, নলবাৰী, লখিমপুৰ, শোণিতপুৰ জিলাতো আগন্তুক এসপ্তাহলৈকে শীতৰ প্ৰকোপ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। আনকি জিলা কেইখনত পাৰাস্তম্ভ সৰ্বনিম্ন ৯ ডিগ্ৰী চেলচিয়াছ লৈকে হ্ৰাস পোৱাৰ সম্ভাৱনা আছে।

The post বৃষ্টিপাতৰ লগতে ধৰালৈ প্ৰচণ্ড শীতঃ আগন্তুক এসপ্তাহলৈ বৃদ্ধি পাব শীতৰ প্ৰকোপ! appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/39w5hZ8
via IFTTT
Comments
Post a Comment