বাগদাদত মাৰ্কিন বায়ু সেনাৰ আক্ৰমণঃ ইৰানী জেনেৰেল কাছিম চোলেমানিৰ মৃত্যু

ডিজিটেল ডেস্কঃ ইৰাকৰ বাগদাদত শুকুৰবাৰে মাৰ্কিন বায়ু সেনাৰ আক্ৰমণত ইৰানৰ এলিট কুদছ বাহিনীৰ প্ৰধান তথা আইআৰজিচিৰ প্ৰধান কাছিম চোলেমানি আৰু ইৰানৰ সেনাপ্ৰধান মেজৰ জেনেৰল আব্দুল ৰহিম মৌছাভি নিহত হয়। বাগদাদৰ বিমানবন্দৰত পৰিকল্পিতভাৱে চলোৱা মাৰ্কিন বিমান আক্ৰমণত ইৰানৰ এই দুই নেতা নিহত হোৱা বুলি জানিব পৰা গৈছে।

আল জাজিৰাত প্ৰকাশিত বাতৰি অনুসৰি বাগদাদৰ আন্তৰ্জাতিক বিমান বন্দৰৰ সমীপত আমেৰিকাই চলোৱা আক্ৰমণত মুঠ ৮ জন লোক নিহত হয়। ইৰাকৰ চৰকাৰী সংবাদ সংস্থাই জনোৱা মতে, এই আক্ৰমণত ইৰাকী মিলিছিয়া কমাণ্ডাৰ আবু মাহুদি আল-মহান্দিছৰো মৃত্যু ঘটে।

ইফালে বাতৰি মতে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ নিৰ্দেশতে ইৰাকত এই আক্ৰমণ চলাইছিল মাৰ্কিন বায়ু সেনাই। বিদেশত থকা মাৰ্কিন সেনাৰ সুৰক্ষাৰ স্বাৰ্থতেই ৰাষ্ট্ৰপতি ট্ৰাম্পে আক্ৰমণ চলাবলৈ নিৰ্দেশ দিছিল বুলি হোৱাইট হাউচৰ এক সূত্ৰই সদৰী কৰিছে। আনহাতে আমেৰিকাই বিদেশী সন্ত্ৰাসবাদী সংগঠন হিচাপে ঘোষণা কৰা আইআৰজিচিৰ প্ৰধান কাছিম চোলেমানীক লক্ষ্য কৰি লৈছিল মাৰ্কিন বায়ু সেনাই।

The post বাগদাদত মাৰ্কিন বায়ু সেনাৰ আক্ৰমণঃ ইৰানী জেনেৰেল কাছিম চোলেমানিৰ মৃত্যু appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/39tPGtb
via IFTTT

Comments