নালাগে ৰাজ্য চৰকাৰৰ সহযোগ! অনলাইন হ’ব পাৰে ‘কা’ৰ জৰিয়তে নাগৰিকত্ব প্ৰদানৰ প্ৰক্ৰিয়া…

ডিজিটেল ডেস্কঃ নাগৰিকত্ব সংশোধনী আইনক লৈ দেশজুৰি অব্যাহত আছে মিশ্ৰিত প্ৰতিক্ৰিয়া। কোনো কোনো ৰাজ্যই এই আইনখনৰ সপক্ষত মাত দি কেন্দ্ৰীয় চৰকাৰক সহযোগৰ আশ্বাস প্ৰদান কৰিলেও আন বহু কেইখন ৰাজ্যই এই আইনখনৰ বিৰুদ্ধে থিয় দিছে। এনে পৰিপ্ৰেক্ষিতত নাগৰকিত্ব সংশোধনী আইনৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত হৈ থকা ৰাজ্যসমূহত শৰণাৰ্থী সকলক নাগৰিকত্ব প্ৰদান কৰাত অসুবিধাৰ সন্মুখীন হ’বলগা হৈছে কেন্দ্ৰীয় চৰকাৰ।

তেনে এক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়েই এতিয়া কেন্দ্ৰীয় চৰকাৰে ‘কা’ৰ জৰিয়তে নাগৰিকত্ব প্ৰদানৰ সম্পূৰ্ণ ব্যৱস্থা অনলাইন কৰাৰ বিষয়ে চিন্তা চৰ্চা কৰা বুলি জানিব পৰা গৈছে। গৃহ মন্ত্ৰণালয়ৰ এক সূত্ৰই সদৰী কৰা মতে, ‘কা’ৰ অধীনত শৰণাৰ্থীসকলে যিকোনো ৰাজ্যৰ পৰা অনলাইনযোগে নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰিব। আৰু তেনে হ’লে ৰাজ্য চৰকাৰৰ সহযোগিতা অবিহনেও কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে নাগৰিকত্ব প্ৰদান কৰিবলৈ সক্ষম হব।

উল্লেখ্য যে, নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সৰৱ হৈ আছে পশ্চিম বংগ। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এই আইনখনৰ বিৰুদ্ধে ৰাজপথত প্ৰতিবাদী সমদলো বাহিৰ কৰি আছে। আনহাতে তামিলনাডু, ছত্তীশগড়, পঞ্জাৱ আদি ৰাজ্যসমূহেও নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰিছে।

ইফালে শেহতীয়াকৈ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰিছে কেৰালায়ো। মঙলবাৰে কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে বিধানসভাত ‘কা’ বাতিলৰ দাবীৰে এক প্ৰস্তাৱ উত্থাপন কৰে। এই প্ৰস্তাৱত সমৰ্থন জনায় চিপিআইএম আৰু কংগ্ৰেছেও।

The post নালাগে ৰাজ্য চৰকাৰৰ সহযোগ! অনলাইন হ’ব পাৰে ‘কা’ৰ জৰিয়তে নাগৰিকত্ব প্ৰদানৰ প্ৰক্ৰিয়া… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2u1Jbxg
via IFTTT

Comments