গোলাঘাটত দুৰ্বৃত্তৰ গুলীচালনাঃ ‘কা’ বিৰোধিতা কৰাৰ বাবেই ঘটনা সংঘটিত হোৱাৰ সন্দেহ একাংশ লোকৰ…

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে নিশা ঢেকীয়াল গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰীতা ৰাজখোৱাৰ ঘৰলৈ লক্ষ্য কৰি দুৰ্বৃত্তই কৰা গুলীবৰ্ষণৰ ঘটনাই গোলাঘাট জিলাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। গোলাঘাটৰ গণকপুখুৰী হাবিয়াল গাঁৱত সভানেত্ৰী ৰীতা ৰাজখোৱাৰ ঘৰৰ লগতে সেই সময়ত তেওঁলোকৰ ঘৰত উপস্থিত থকা বিনয় বৰা নামৰ লোকজনৰ বাহনলৈ লক্ষ্য কৰিও গুলীচালনা কৰিছিল দুৰ্বৃত্তৰ দলে। এই ঘটনাৰ সংঘটিত হোৱাৰ পাছতে গোলাঘাটৰ আৰক্ষী অধীক্ষক ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে যদিও বৰ্তমানৰ লৈকে দুৰ্বৃত্ত দলটোৰ কাকোয়ে আটক বা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।

ইফালে এই ঘটনাৰ সংঘটিত হোৱাৰ পাছতে ৰহস্যৰ গোন্ধ পাইছে একাংশ লোকে। একাংশ লোকে দাবী কৰিছে যে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে মাত মতাৰ বাবেই দুৰ্বৃত্তৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে সভানেত্ৰীগৰাকী। উল্লেখ্য যে, বৃহস্পতিবাৰে দেৰগাঁৱত CAAবিৰোধী এখন সভা অনুষ্ঠিত হৈছিল। এই সভাৰ নেতৃত্ব লৈছিল ৰীতা ৰাজখোৱা আৰু বিনয় বৰাই। অৱশ্যে ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে, তদন্তৰ পাছতহে স্পষ্ট হ’ব এই ঘটনাৰ আঁৰৰ প্ৰকৃত ৰহস্য।

The post গোলাঘাটত দুৰ্বৃত্তৰ গুলীচালনাঃ ‘কা’ বিৰোধিতা কৰাৰ বাবেই ঘটনা সংঘটিত হোৱাৰ সন্দেহ একাংশ লোকৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2QIJNQ6
via IFTTT

Comments