নৱবৰ্ষৰ পহিলা দিনটোত ‘কা’ বাতিলৰ দাবীত ১২ ঘন্টীয়া অনশন…

ডিজিটেল সংবাদ, সৰুপথাৰঃ আজি ১ জানুৱাৰী। নতুন বছৰ ২০২০ৰ প্ৰথমটো দিনটেই নাগৰিকত্ব সংশোধনী আইন বাতিলত অনশনত বহিল ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থা।
বুধবাৰে পুৱাই মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত ৰাতিপুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজালৈকে ১২ ঘন্টীয়া অনশন কাৰ্য্যসুচী গ্ৰহণ কৰিছে মহকুমা চুতীয়া ছাত্ৰ সন্থাই ।
সংগঠনটোৰ বিষয় ববীয়াই সংবাদমাধ্যমৰ সন্মুখত কয়, জাতিধ্বংসী আইনখন কাৰ্যকৰী কৰি চৰকাৰখনে আসমীয়াৰ আৱেগক কুঠাৰঘাত কৰিছে। গতিকে যেতিয়ালৈকে এই আইন বাতিল নহয়, প্ৰতিবাদ অব্যাহত থাকিব।
The post নৱবৰ্ষৰ পহিলা দিনটোত ‘কা’ বাতিলৰ দাবীত ১২ ঘন্টীয়া অনশন… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2SIR4C0
via IFTTT
Comments
Post a Comment