১ জানুৱাৰী,২০২০ঃ বছৰৰ প্ৰথম দিনটোতে মনত ৰাখক এই ১১ টা কথা…

ডিজিটেল ডেস্কঃ ১ জানুৱাৰী,২০২০। নতুন বছৰৰ প্ৰথমটো দিন। নৱবৰ্ষৰ উম্মাদনা ৰাজ্যৰ শেহতীয়া পৰিস্থিতিৰ বাবে কিছু ম্লান পৰিলেও সকলো নৱবৰ্ষক লৈ আশাবাদী। নতুন বছৰটোৰ চৰকাৰ তথা বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানে সলনি কৰিছে কিছু নিয়ম। দৈনন্দিন জীৱনত প্ৰভাৱ পৰিব লগীয়া ১১ বিভিন্ন সাল-সলনিৰ বিষয়ে জানি থওক বছৰৰ প্ৰথম দিনটোতে।

১. পেন কাৰ্ডক আধাৰ কাৰ্ডৰ সৈতে লিংকঃ সমাগত নতুন বছৰটোত সলনি হ’বলগীয়া এটা গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়া হৈছে পেন কাৰ্ডক আধাৰ কাৰ্ডৰ সৈতে সংযুক্ত কৰা। ২০২০ ৰ ১ জানুৱাৰীৰ পৰা যদি আপোনাৰ পেন কাৰ্ডখন আধাৰ কাৰ্ডৰ সৈতে লিংক অথবা সংযুক্ত কৰা নাই তেন্তে অচল হৈ পৰিব পেন কাৰ্ডখন। পাঠকৰ জ্ঞাতাৰ্থে জনাও থওঁ যে, এতিয়াও যদি এই কাম কৰা নাই, ৩১ ডিচেম্বৰৰ ভিতৰত কৰি লওক। যদি নকৰে, তেন্তে নতুন বছৰত পেন কাৰ্ডৰ জৰিয়তে কৰিব লগীয়া বহু গুৰুত্বপূৰ্ণ কাম আপুনি কৰিব নোৱাৰিব।
আয়কৰ বিভাগৰ ই ফাইলিং ৱেবচাইটত গৈ এতিয়ালৈকে পেন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংক নকৰা সকলে এই কাম কৰিব পাৰিব। ইয়াৰ বাহিৰেও 567678 অথবা 56161 নম্বৰত মেচেজ কৰিও পেন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ডৰ লিংক কৰিব পাৰে। এই নম্বৰলৈ মেচেজ পঠিয়াব লাগিব লাগিব এনেদৰে- UIDPAN-(স্পেচ)- (১২ টা সংখ্যাৰ আধাৰ নম্বৰ)-(স্পেচ)- (১০ টা সংখ্যাৰ পেন কাৰ্ডৰ নম্বৰ)
https://ift.tt/34X7I3v ৰ জৰিয়তে পেন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংক হৈছেনে নাই চাব পৰা হয়। চলিত বৰ্ষৰ ১১ নৱেম্বৰৰ লৈকে মোডী চৰকাৰে সমগ্ৰ দেশত মুঠ ২৯ কোটি ৩০ লাখ ৭৪ হাজাৰ ৫২০ জন লোকৰ পেন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ডৰ লিংক কৰিছে। কেন্দ্ৰীয় বিত্ত ৰাজ্য মন্ত্ৰী অনুৰাগ ঠাকুৰে সদনত দাখিল কৰিছিল এই তথ্য।

২. অচল হৈ পৰিব ষ্টেট বেংক গ্ৰাহক সকলৰ এ টি এম কাৰ্ডঃ আপুনি যদিহে ষ্টেট বেংকৰ গ্ৰাহক, তেন্তে আপোনাৰ বাবে নিশ্চয়কৈ এইটো এটা গুৰুত্বপূৰ্ণ খবৰ। দেশৰ সবোতোকৈ বৃহৎ বিত্তীয় প্ৰতিষ্ঠানটোৱে অচিৰেই বন্ধ কৰিব বৰ্তমান প্ৰচলিত হৈ থকা একাংশ এ টি এম কাৰ্ড।

ভাৰতবৰ্ষত বৰ্তমান দুই প্ৰকাৰৰ এ টি এম কাৰ্ড প্ৰচলিত। magnetic strip card আৰু EMV শ্বীপ কাৰ্ড। ভাৰতীয় ষ্টেট বেংকে এই দুই এ টি এম কাৰ্ডৰ পৰা বিলুপ্তি ঘটাব বিচাৰিছে magnetic strip cardক। ভাৰতীয় ৰিজাৰ্ভ বেংকে জানিবলৈ দিয়া অনুসৰি magnetic strip card পুৰণি প্ৰযুক্তিৰে নিৰ্মাণ কৰাৰ বাবেই গ্ৰাহকৰ সুৰক্ষাৰে এই এ টি এম কাৰ্ড বন্ধ কৰিব ষ্টেট বেংকে। এই কাৰ্ডসমূহ EMV শ্বীপ কাৰ্ডলৈ সলনি কৰাৰ বাবে বিত্তীয় প্ৰতিষ্ঠানটোৱে ২০১৯ বৰ্ষৰ ৩১ ডিচেম্বৰৰ লৈকে দিছিল অন্তিম তাৰিখ। এতিয়াও যদি কোনোৱে এই কাম কৰি লোৱা নাই, অচিৰেই কৰি লওক, নতুবা নৱবৰ্ষত বেংকত ধন জমা থাকিলেও এ টি এমৰ জৰিয়তে উলিয়াব নোৱাৰিব ধন। উল্লেখ্য যে, এই নিৰ্দেশ আৰ বি আই জাৰি কৰিছিল ২০১৬ চনতে।

৩. বন্ধ হ’ব ’সবকা বিশ্বাস’ নামৰ আচঁনিঃ ২০২০ৰ ১ জানুৱাৰীত বন্ধ হ’ব ’সবকা বিশ্বাস স্কীম’। কেন্দ্ৰীয় চৰকাৰে বিত্ত বৰ্ষ ২০১৯-২০ৰ সাধাৰণ বাজেটত এই স্কীম আৰম্ভ কৰিছিল। বিত্ত মন্ত্ৰালয়ে Indirect taxত জমা হৈ থকা বিবাদ সমূহ নিষ্পত্তিৰ বাবে এই আচনি আৰম্ভ কৰিছিল। এই আচনিৰ বৈধতা শেষ হ’ব ২০১৯ৰ ৩১ ডিচেম্বৰত। উল্লখ্য যে, এই আচনিৰ অধীনত কৰ দিবলৈ থকা কিছুলোকে ৭০ শতাংশ পৰ্যন্ত ৰেহাই পাইছিল।

৪. নতুন বছৰত সোণৰ গহনা ক্ৰয় কৰোতে নজৰ ৰাখক এই বিষয়তঃ নতুন বছৰত সোণৰ আ-অলংকাৰ ক্ৰয় কৰাৰ কথা যদি ভাৱিছে তেন্তে এই কথাত নজৰ ৰাখক যে গহনাত হল মাৰ্কিং আছেনে নাই। কিয়নো ২০২০ৰ ১ জানুৱাৰীৰ পৰা সমগ্ৰ দেশত সোণৰ গহনাত হল মাৰ্কিং থকাতো বাধ্যতামূলক কৰিছে চৰকাৰে। এই নতুন নিয়মৰ ফলত সুবিধা হ’ব সাধাৰণ গ্ৰাহকৰ, কিয়নো নকল সোণৰ গহনা বিক্ৰী কৰিব নোৱাৰিব অসাধু ব্যৱসায়ীয়ে। চলিত বৰ্ষৰ ১ অক্টোবৰত চৰকাৰে এই বিষয়ৰ প্ৰস্তাৱক মঞ্জুৰী প্ৰদান কৰিছে। গতিকে মনত ৰাখক, নতুন বছৰত সোণৰ গহনাত হল মাৰ্ক নাথাকিলে ক্ৰয় নকৰিব। কিয়নো অসাধু ব্যৱসায়ীয়ে বহু সময়ত সোণৰ গহনা ২২ কেৰেট বুলি কৈ ২১ বা ১৮ কেৰেটৰ সোণৰ গহনা বিক্ৰী কৰে।

৫. Senior Citizens Savings আচনিৰ সালসলনিঃ ২০২০ চনৰ ১ জানুৱাৰীৰ পৰা সলনি হ’ব Senior Citizens Savings আচনিৰ কিছু নিয়ম। এইখিনিতে জনাই থোৱা ভাল হব যে, এই আচনিখনৰ অধীনত ৬০ বছৰৰ উৰ্ধৰ লোকসকলে নূন্যতম ১০০০ টকাৰ পৰা ১৫ লাখ টকালৈকে জমা থব পাৰে। প্ৰথমে ৫ বছৰৰ বাবে জমা কৰিব পৰা এই আচনিত উপভোক্তাই পায় ৮ শতাংশ সূদ। পিছৰ পৰ্যায়ত পুনৰ ৩ বছৰৰ বাবে ধন জমা কৰিব পাৰে উপভোক্তাই।

নৱবৰ্ষত এই আচনিখনৰ সলনি হবলগীয়া দিশটো হ’ল- আচনিখনৰ বাবে ২০০৪ চনত চৰকাৰে বান্ধি দিছিল কিছু নীতি-নিয়ম। কিন্তু মাজতে এই নিয়ম পুনৰ সাল-সলনি কৰা হৈছিল। কিন্তু শেহতীয়াকৈ চৰকাৰে সিদ্ধান্ত লৈছে যে, ২০০৪ চনৰ নিয়মবোৰকে পুনৰ এই আচনিত বাহাল ৰাখিব। এতিয়াৰে পৰা ৫৫ৰ পৰা ৬০ বছৰৰ লোকে এই আচনিৰ জৰিয়তে ধন জমা কৰিব পাৰিব।

৬. জীৱন বীমা সম্পৰ্কীয় কিছু নিয়ম সলনিঃ ২০২০ৰ ১ ফেব্ৰুৱাৰীৰ পৰা জীৱন বীমা সম্পৰ্কীয় আচনিৰ কিছু নিয়ম সলনি হ’ব। ইয়াৰ বাবে IRDAয়ে বীমা কোম্পানীবোৰক জাৰি কৰিছে নিৰ্দেশনা। ফেব্ৰুৱাৰীৰ পৰা বীমা পলিচি সমূহ লিংক, নন লিংক জাতীয় হ’ব। এই সালসলনি হোৱাৰ পাছত যিকোনো পলিচিৰ ধন নিৰ্ধাৰিত সময়তকৈ আগতে উলিয়ালে গ্ৰাহকে পাব পূৰ্বতকৈ কম টকা। গতিকে নতুন বচৰটোত এই দিশতো বিশেষ চকু ৰাখক পাঠক ৰাইজে।

৭. বাহন চালক সকলে অচিৰেই কৰি লওক এই কামঃ দেশৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহত ইলেক্টনিকভাৱে টোল গেটৰ সৈতে কানেকশ্বন কৰা হৈছে। ইয়াৰ বাবে সকলো বাহনত ফাষ্টটেগ লগোৱাতো বাধ্যতামূলক কৰিছে চৰকাৰে। নতুন বছৰৰ ১৫ ফেব্ৰুৱাৰীৰ পৰা সকলো বাহনতে এই ফাষ্টটেগ থাকিবই লাগিব। নহলে টোল গেটৰ লগতে যান-বাহন আৰক্ষীকো আপুনি দিব লগা হব পাৰে জৰিমনা। ইতিমধ্যে দেশৰ ১ কোটি বাহনত লগোৱা হৈছে ফাষ্টটেগ। বাহনৰ সন্মুখৰ গ্লাছৰ চুকত সৰু কাৰ্ড আকৃতিৰ এই ফাষ্টটেগ নাথাকিলে টোল গেটত অন্য বাহনতকৈ দিব লাগিব দুগুণ জৰিমনা।

৮. নৱবৰ্ষত ’এক ৰাষ্ট্ৰ, এক ৰেচন কাৰ্ড’ প্ৰযোজ্যঃ নতুন বছৰৰ ১ জুনৰ পৰা সমগ্ৰ দেশত সলনি হ’ব ৰেচন কাৰ্ডৰ নীতি-নিয়ম। ইতিমধ্যে সমগ্ৰ দেশত Standard formatৰ ৰেচন কাৰ্ড তৈয়াৰ কৰা হৈছে। এই ৰেচন কাৰ্ড সমগ্ৰ দেশতে প্ৰযোজ্য হব। নতুন ৰেচন কাৰ্ডৰ জৰিয়তে সমগ্ৰ দেশৰ যিকোনো প্ৰান্তত উপভোক্তাই লাভ কৰিব ৰেচন কাৰ্ডৰ সকলো সেৱা।

৯. মূল্যবৃদ্ধি হ’ব কিছু ইলেক্টনিক সামগ্ৰীৰঃ নতুন বৰ্ষৰ বৃদ্ধি পাব শীত-কালীন যন্ত্ৰৰ লগতে ফ্ৰীজৰ মূল্য। প্ৰাপ্তখবৰুনৰি ৫ ষ্টাৰ শীত-কালীন যন্ত্ৰ, ফ্ৰীজৰ দাম বৃদ্ধি পাব ৬০০০ হাজাৰ টকাতকৈ। এনাৰ্জী লেবেলিং নৰ্মছৰ বাবে এই সামগ্ৰীসমূহত বৃ্দ্ধি পাব মূল্য। গতিকে নতুন বৰ্ষত পাঠক ৰাইজে ধ্যান ৰাখক এইদিশত।

১০. নতুন বৰ্ষত বৃদ্ধি পাব বাহনৰ মূল্যঃ ২০২০ৰ ১ জানুৱাৰীৰ পৰা বৃদ্ধি পাব সকলো বাহনৰ মূল্য। সকলো গাড়ী নিৰ্মাতা প্ৰতিষ্ঠানে বৃদ্ধি কৰিব বাহনৰ মূল্য। BS-VIৰ বাবেই সকলো বাহনৰ মূল্য বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে প্ৰতিষ্ঠানসমূহে। ইতিমধ্যে মাৰুতি, মহিন্দ্ৰা আৰু টাটা প্ৰতিষ্ঠানে এই মূল্যবৃদ্ধিৰ কথা ঘোষণা কৰিছে। ডলাৰৰ তুলনাত টকাৰ মূল্য হ্ৰাস পোৱাৰ বাবেও বাহনৰ মূল্যবৃদ্ধি কৰা হৈছে বুলি আশংকা প্ৰকাশ কৰিছে বিশ্লেষক সকলে।

১১. নতুন নিয়মঃ জেপত নাই যদি ফোন, ATMৰ পৰা উলিয়াব নোৱাৰিব ধনঃ ২০২০ৰ ১ জানুৱাৰীৰ পৰা চৰকাৰকে ধৰি বহু প্ৰতিষ্ঠানে সাল-সলনি কৰিব কিছু নীতি-নিয়ম। পেন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ডৰ লিংক প্ৰক্ৰিয়াৰ সময়সীমা বৃদ্ধি কৰিলেও নতুন বৰ্ষটোৰ ১ জানুৱাৰীৰ পৰাই সলনি হ’ব ষ্টেট বেংকৰ এ টি এমৰ পৰা ধন উলিওৱা প্ৰক্ৰিয়া।

ইতিমধ্যে ভাৰতীয় ষ্টেট বেংকে ইয়াৰ সন্দৰ্ভত কৰিছে অনুষ্ঠানিক ঘোষণা। আগশাৰীৰ বিত্তীয় প্ৰতিষ্ঠানটোৱে কৰা ঘোষণা অনুসৰি, ২০২০ৰ ১ জানুৱাৰীৰ পৰা ষ্টেট বেংকৰ যিকোনো এ টি এমৰ পৰা ১০ হাজৰতকৈ অধিক ধন উলিয়াওতে ব্যৱহাৰ কৰিব লাগিব ৱান টাইম পাৰ্চৱড বা (OTP)। যেতিয়াই কোনো এছ বি আই গ্ৰাহকে এ টি এমৰ পৰা ১০ হাজাৰতকৈ অধিক টকা উলিয়ায়, সেই সময়ত গ্ৰাহকখনৰ ৰেজিষ্টাৰ মোবাইল নম্বৰলৈ আহিব এটা অ টি পি নাম্বাৰ। সেই নাম্বাৰ ব্যৱহাৰ কৰিলেহে গ্ৰাহকে এ টি এমৰ পৰা উলিয়াব পাৰিব ধন।

The post ১ জানুৱাৰী,২০২০ঃ বছৰৰ প্ৰথম দিনটোতে মনত ৰাখক এই ১১ টা কথা… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2FbyVVy
via IFTTT

Comments