পদত্যাগ কৰিলে এলাহাবাদ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই…

ডিজিটেল ডেস্কঃ এলাহাবাদ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ পদত্যাগ। বুধবাৰে পদত্যাগ কৰিলে উপাচাৰ্য ৰতন লাল হাংলোৱে। উল্লেখ্য যে, ২০১৬ চনৰ পৰা উপাচাৰ্যগৰাকীৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপিত হৈ আহিছে। এক সূত্ৰই জনোৱা অনুসৰি বিত্তীয় জালিয়াতীৰ লগতে প্ৰশাসনীয় কামকাজ পৰিচালনাত দুৰ্নীতিৰ প্ৰশ্চয় লোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছিল উপাচাৰ্যগৰাকীৰ বিৰুদ্ধে।
পদত্যাগৰ কাৰণ সঠিকভাৱে জানিব পৰা নাই যদিও তেনে কোনো কাৰণতে তেখেতে পদত্যাগ কৰা বুলি এক সূত্ৰই সদৰি কৰিছে। উল্লেখ্য যে, ৰতন লাল হাংলোক ৰাষ্ট্ৰীয় মহিলা আয়োগেও ২০১৯ বৰ্ষৰ শেষ সপ্তাহত চমন জাৰি কৰিছিল। তেওঁৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ ঘটনাৰ ন্যায় প্ৰদানত বিসংগতিৰ অভিযোগত চমন জাৰি কৰিছিল।
The post পদত্যাগ কৰিলে এলাহাবাদ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2QCZN6d
via IFTTT
Comments
Post a Comment