৫ জানুৱাৰী পৰ্যন্ত বন্ধ থাকিব দশম শ্ৰেণী লৈকে সকলো চৰকাৰী বিদ্যালয়!

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰেও উত্তৰ ভাৰতৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে প্ৰচণ্ড শীত। কেবাখনো ৰাজ্যত প্ৰচণ্ড শীতৰ বাবে ৰাইজ ঘৰৰ পৰা বাহিৰলৈ ওলাব পৰা নাই। বিহাৰতো দেখিবলৈ পোৱা গৈছে শীতৰ প্ৰকোপ। ৫ জানুৱাৰী লৈকে পাটনাত দশম শ্ৰেণী লৈকে সকলো বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ দিছে চৰকাৰে।
পূৰ্বে বতৰ বিজ্ঞানৰ কেন্দ্ৰৰ তৰফৰ পৰা বিহাৰত প্ৰচণ্ড ঠাণ্ডা হ’ব বুলি জানিব পাৰি ২ জানুৱাৰী লৈকে পাটনাৰ বিদ্যালয়সমূহ বন্ধ ৰখাৰ বাবে সিদ্ধান্ত লোৱা হৈছিল। কুঁৱলীৰ বাবে অসুবিধা হৈছে ৰে’ল চলাচলটো। উত্তৰ ভাৰতত প্ৰায় ২১ খন ৰে’ল পলমকৈ চলিছে।
জানিব পৰা অনুসৰি কিছু কিছু স্থানত বৰষুণ হোৱাৰো সম্ভাৱনা আছে। মুজাফাৰপুৰতো ডিচেম্বৰ ২৯ তাৰিখ লৈকে নাৰ্ছাৰীৰ পৰা অষ্টম শ্ৰেণী লৈকে সকলো বিদ্যালয়ৰ কাম কাজ বন্ধ ৰখা হৈছিল।
The post ৫ জানুৱাৰী পৰ্যন্ত বন্ধ থাকিব দশম শ্ৰেণী লৈকে সকলো চৰকাৰী বিদ্যালয়! appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2MHSQQf
via IFTTT
Comments
Post a Comment