জ্যেষ্ঠ সাংবাদিক পৰাগমণি আদিত্যক প্ৰদান কৰিলে ‘আৰোহণ বটাঁ’

ডিজিটেল সংবাদ, চামগুৰিঃ জেষ্ঠ সাংবাদিক পৰাগমণি আদিত্যলৈ আগবঢ়ালে ২০১৯-২০২০বৰ্ষৰ আৰোহণ বটাঁ ।”অসমীয়া প্ৰতিদিন” কাকতৰ জৰিয়তে সংবাদ সেৱা আৰম্ভ কৰা তথা বৰ্তমানৰ জেষ্ঠ সাংবাদিক পৰাগমণি আদিত্যক মঙলবাৰে নিশা নগাঁও জিলাৰ চামগুৰিৰ চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত চিৰঞ্জীৱ থিয়েটাৰৰ মঞ্চত “মেডিকেল কলেজৰ মনালিছা” নামৰ নাটখনি আৰম্ভ হোৱাৰ পূৰ্বে এই বঁটা প্ৰদান কৰে ।
বটাঁত আছিল এখন গামোচা,এখন শৰাই,এটা স্মাৰক আৰু এখন সম্বৰ্ধনা পত্ৰ ।উল্লেখ্য যে নিজৰেই জন্মস্থান নগাঁৱৰ চামগুৰিত বটাঁ গ্ৰহন কৰি উৎফুল্লিত হৈ পৰে জেষ্ঠ সাংবাদিক গৰাকী । জ্যেষ্ঠ সাংবাদিক পৰাগমণি আদিত্যই বৰ্তমান সম্পাদক হিচাপে সংবাদ সেৱা আগবঢ়াই থকা TIME8 ৰ পূৰ্বে অসমীয়া প্ৰতিদিন,আমাৰ অসম,দৈনিক জনসাধাৰণ,News Live আৰু News18 assam North east ত বলিষ্ঠ ভাৱে সংবাদ সেৱা আগবঢ়াইছিল ।
The post জ্যেষ্ঠ সাংবাদিক পৰাগমণি আদিত্যক প্ৰদান কৰিলে ‘আৰোহণ বটাঁ’ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2ZKSOw7
via IFTTT
Comments
Post a Comment