নাগৰিকত্ব সংশোধনী আইনৰ সমৰ্থনত গুৱাহাটীত বিজেপিৰ জনসভা, গঢ়ি তোলা হৈছে কঠোৰ নিৰাপত্তা বেষ্টনী

- শনিবাৰে গুৱাহাটীলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি জে পি নড্ডা।
- নাগৰিকত্ব সংশোধনী আইনৰ সমৰ্থনত গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত জনসভাৰ আয়োজন।
- ৰাজ্যত নাগৰিকত্ব সংশোধনী আইনক লৈ চলি থকা ব্যাপক প্ৰতিবাদ-আন্দোলনৰ মাজতে এই কাৰ্যসূচী।
- দিনৰ ১১ বজাত জনসভাখন সম্বোধন কৰিব বিজেপি ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি জে পি নড্ডাই।
- পূৰ্বে ৫ জানুৱাৰীত অনুষ্ঠিত হোৱাৰ কথা আছিল এই জনসভা।
- বিশেষ কাৰণত শনিবাৰে অনুষ্ঠিত হ’ব জনসভাখন।
- ইতিমধ্যে খানাপাৰাত গঢ়ি তোলা হৈছে কঠোৰ নিৰাপত্তা ব্যৱস্থা।
- বিজেপিৰ কেবাজনো মন্ত্ৰী, বিধায়কৰ লগতে কেবাহাজাৰ কাৰ্যকৰ্তা এই অনুষ্ঠানত উপস্থিত থাকিব।
The post নাগৰিকত্ব সংশোধনী আইনৰ সমৰ্থনত গুৱাহাটীত বিজেপিৰ জনসভা, গঢ়ি তোলা হৈছে কঠোৰ নিৰাপত্তা বেষ্টনী appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2MTmRfM
via IFTTT
Comments
Post a Comment