চিডিএছৰ দায়িত্ব গ্ৰহণ কৰি জেনেৰেল বিপিন ৰাৱটে ক’লে- আমি ৰাজনীতিৰ পৰা বহু দূৰত…

ডিজিটেল ডেস্কঃ বছৰৰ পহিলা দিনটোত দেশৰ প্ৰথম গৰাকী চীফ অৱ ডিফেন্স ষ্টাফ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে জেনেৰেল বিপিন ৰাৱটে। বুধবাৰে তেওঁ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পুৰ্বে দিল্লীৰ ৱাৰ মেম’ৰিয়েলত উপস্থিত হৈ শ্বহীদ জোৱান সকলক শ্ৰদ্ধাঞ্জলি জনায়। তাৰ পিছতে চাউথ ব্লকত স্থল, বায়ু আৰু নৌসেনাই নৱ নিযুক্তি চিডিএছগৰাকীক গাৰ্ড অৱ অনাৰ প্ৰদান কৰে। আনহাতে সেই সময়ত জেনেৰেল বিপিন ৰাৱটৰ লগত উপস্থিত থাকে নৱ নিযুক্ত স্থল সেনাপ্ৰধান মনোজ মুকুন্দ নৰৱানে, এয়াৰ চীফ মাৰ্চেল ৰাকেশ কুমাৰ সিং ভদৌৰীয়া আৰু নৌসেনা প্ৰধান কৰমবীৰ সিং।
নতুন দায়িত্বভাৰ গ্ৰহণ কৰি জেনেৰেল বিপিন ৰাৱটে কয় যে তিনিওটা সেনা বাহিনীয়ে এতিয়াৰে পৰা মিলিজুলি কাম কৰিব। তেওঁ কয়, ‘মোক যি দায়িত্ব প্ৰদান কৰা হৈছে, সেই দায়িত্ব অনুসৰি একতা আৰু বিকাশৰ সঠিক ব্যৱহাৰৰ বাবে কাম কৰিম।’ আনহাতে তেওঁৰ ওপৰত ৰাজনৈতিক পক্ষপাতিত্বক লৈ উত্থাপন সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ দি চিডিএছ গৰাকীয়ে কয়, ‘আমি ৰাজনীতিৰ পৰা বহু দূৰত থাকো, বহুত দূৰত। আমি কেৱল চৰকাৰৰ নিৰ্দেশ অনুসৰি কাম কৰো।’
উল্লেখ্য যে, ৩১ ডিচম্বেৰত সেনা প্ৰধানৰ পৰা অৱসৰ গ্ৰহণ কৰে জেনেৰেল বিপিন ৰাৱটে। তাৰ পিছতে স্থল সেনাপ্ৰধান পদৰ দায়িত্বভাৰ অৰ্পণ কৰা হয় জেনেৰেল মনোজ মুকুন্দ নৰৱানেক। ইফালে প্ৰতিৰক্ষা মন্ত্ৰণালয়ত নতুনকৈ সংযোজিত কৰা চীফ অৱ ডিফেন্স ষ্টাফ হিচাপে বুধবাৰে দায়িত্বভাৰ গ্ৰহণ কৰে জেনেৰেল বিপিন ৰাৱটে।
The post চিডিএছৰ দায়িত্ব গ্ৰহণ কৰি জেনেৰেল বিপিন ৰাৱটে ক’লে- আমি ৰাজনীতিৰ পৰা বহু দূৰত… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Qg5kR2
via IFTTT
Comments
Post a Comment