নামতিত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধীতাৰে উত্তাল প্রতিবাদঃ সর্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শর্মাৰ প্ৰতিকৃতি দাহ, VIDEO

ডিজিটেল সংবাদ, নামতিঃ নাগৰিকত্ব সংশোধনী আইন (‘কা’)ৰ বিৰুদ্ধে নতুন বছৰৰ প্ৰথমভাগতে উত্তাল হ’ল শিৱসাগৰ জিলাৰ বৃহত্তৰ নামতি অঞ্চল। অঞ্চলটোৰ নামতি ঢেপৰবাসী ৰাইজে আমগুৰি আঞ্চলিক তাই আহোম ছাত্র সন্থা, তাই আহোম যুৱ পৰিষদ, সদৌ তাই যুৱ ছাত্র পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতিকে আদি কৰি বিভিন্ন দল সংগঠনৰ সহযোগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্রতিবাদ সাব্যস্ত কৰে।

প্রতিবাদকাৰী সকলে চৰকাৰ বিৰোধী বিভিন্ন শ্লোগান দি অঞ্চলটোৰ আকাশ-বতাহ কঁপাই তোলাৰ লগতে বিজেপি নেতৃত্বাধীন কেন্দ্রীয় তথা অসম চৰকাৰক কোনো পধ্যেই “কা” আমি নামানো বুলি স্পষ্ট কৰি দিয়ে।

উক্ত প্রতিবাদী কার্যসূচীত আটাছু আমগুৰি আঞ্চলিক সমিতিৰ সম্পাদক আদিত্য ৰূ ছাও, ছাত্র মুক্তি সংগ্রাম সমিতিৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি ৰিতুমনি হাজৰিকা, সদৌ তাই যুৱ ছাত্র পৰিষদৰ শিৱসাগৰ জিলা সম্পাদক প্ৰাঞ্জল শ‌ইকীয়া, টাইপাৰ পবিত্ৰ গগৈকে ধৰি বহুসংখ্যক নেতা কৰ্মী উপস্থিত থাকে।

The post নামতিত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধীতাৰে উত্তাল প্রতিবাদঃ সর্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শর্মাৰ প্ৰতিকৃতি দাহ, VIDEO appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2MM9Ftm
via IFTTT

Comments