বন্যহস্তীৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবলৈ নুমলীগড়ত গণেশ পূজা…VIDEO

ডিজিটেল সংবাদ, নুমলীগড়ঃ নুমলীগড়ত বন্যহস্তীৰ উপদ্ৰৱত আতংকিত ৰাইজে বাছি ল’লে পূজা অৰ্চনাৰ পথ।

বকিয়াল খণ্ড বন কাৰ্য্যালয়ৰ অধীনস্থ লেটেকোজন চাহ বাগিচাৰ ৰাইজে বিগত ছমাহ ধৰি হোৱা বন্যহস্তীৰ উপদ্ৰৱত জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা হীনতাত ভুগি অৱশেষত শুকুৰবাৰে গণেশৰ প্ৰতিচ্ছবিত ধূপ-ধুনাৰে পূজা অৰ্চনা কৰি ৰাইজক অশান্তি নকৰিবলৈ প্ৰাৰ্থনা জনায়। লগতে বনমন্ত্ৰী পৰিমল শুক্লবদ্যৰ প্ৰতিচ্ছবিত বিফল মন্ত্ৰী লিখি পূজা অৰ্চনা কৰি এনে বিফল মন্ত্ৰী আমাক নালাগে বুলি মন্তব্য কৰে।

The post বন্যহস্তীৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবলৈ নুমলীগড়ত গণেশ পূজা…VIDEO appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2MRpJtH
via IFTTT

Comments