পুৱাই গুৱাহাটী পালেহি টীম ইণ্ডিয়াৰ কেইবাজনো খেলুৱৈ, চাওক VIDEO…

- শুকুৰবাৰে পুৱাই গুৱাহাটীত উপস্থিত ভাৰতীয় ক্ৰিকেট দলৰ ৩ খেলুৱৈৰ সৈতে দলৰ একাংশ সদস্য।
- পুৱাই বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ পাছত অসম ক্ৰিকেট সন্থাৰ বিষয়-ববীয়া সকলে জনায় উষ্ম আদৰণি।
- বিমানবন্দৰৰ পৰা পোনে পোনে আটাইকেইজনক লৈ যোৱা হয় হোটেল ৰেডিছন ব্লুলৈ ।
- কটকটীয়া নিৰাপত্তাৰ মাজেৰে বৰঝাৰ বিমানবন্দৰৰ পৰা হোটেললৈ লৈ অনা হয় খেলুৱৈকেইজনক।
- বৰ্তমান গুৱাহাটীত উপস্থিত খেলুৱৈকেইজন হৈছে ৱাছিংটন সুন্দৰ, জে বুমৰাহ, সঞ্জয় চামচনকে ধৰি ৪জন ভাৰতীয় ক্ৰিকেট দলৰ সদস্য ।
- আনহাতে শুকুৰবাৰে বিয়লিভাগত আহি উপস্থিত হ’বহি ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলিকে ধৰি সকলো সদস্য ।
- নিশা ৮ বজাৰ ভিতৰত টীম ইণ্ডিয়াৰ সকলো সদস্য আহি উপস্থিত হবহি গুৱাহাটীত।
- ইফালে বৃহস্পতিবাৰে বাৰেই গুৱাহাটীত উপস্থিত হৈছেহি শ্ৰীলংকাৰ ক্ৰিকেট দলটি।
- অহা ৫ জানুৱাৰীত বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত-শ্ৰীলংকাৰ মাজত প্ৰথমখম টি-২০ মেচ।
The post পুৱাই গুৱাহাটী পালেহি টীম ইণ্ডিয়াৰ কেইবাজনো খেলুৱৈ, চাওক VIDEO… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2ZNetnx
via IFTTT
Comments
Post a Comment