৩৭ বছৰীয়া হ’ল কাৰাটে ড’ এছ’চিয়েচন…

ডিজিটেল সংবাদ, নগাঁও: অসম অলিম্পিক সংন্থাৰ স্বীকৃতি প্ৰাপ্ত নগাঁও কাৰাটে সংন্থাৰ মাতৃ সংগঠন স্বৰূপ “নগাঁও কাৰাটে ড’ এছ’চিয়েচনে”(JKAI) চলিত বৰ্ষত ৩৭ বছৰত ভৰি দিলে। ৩৭ বৰ্ষত ভৰি দিয়া অনুষ্ঠানটিৰ প্ৰতিষ্ঠাপক সভাপতি আছিল প্ৰয়াত বলেন্দ্ৰ নাথ শৰ্মা। “নগাঁও কাৰাটে ড’ এছ’চিয়েচনে”৩৭ তম প্ৰতিষ্ঠা দিৱসটি এইবাৰ বছৰযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰাৰ দিহা কৰিছে সংগঠনটোৱে ৷
এই উপলক্ষে নগাঁও কাৰাটে ড’ এছ’চিয়েচনে প্ৰতিষ্ঠা দিৱসৰ বছৰজোৰা কাৰ্যসূচীৰ আৰম্ভণি অনুষ্ঠানটি সোমবাৰে ডিমৰুগুৰিত অনুষ্ঠিত কৰে৷ লীলা বৰাই আঁত ধৰা অনুষ্ঠানত বিধায়ক ৰূপক শৰ্মা, জিতু গোস্বামী, আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ আদি উপস্থিত থাকে৷ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষকৰ দ্বাৰা বিশেষ প্ৰশিক্ষণ দিয়াৰ বাবে সোমবাৰে এটি প্ৰশিক্ষণ শিবিৰো মুকলি কৰা হয়।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3BB9fMP
via IFTTT
Comments
Post a Comment