সংবিধানৰ সুৰক্ষা

যোৱা ২৬ নবেম্বৰৰ দিনা সংবিধান দিবস উপলক্ষে আয়োজিত সভাত প্রধানমন্ত্রী নৰেন্দ্ৰ মোডী আৰু উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে সংবিধানৰ সুৰক্ষা, মত প্ৰকাশৰ স্বাধীনতা তথা বিতর্ক-বিবাদমূলক আলোচনাৰ প্রাসংগিকতাক লৈ দাঙি ধৰা কেতবোৰ ৰুৰুত্বপূর্ণ মন্তব্য দেশৰ সচেতন মহলক চুই গৈছে। শাসক পক্ষৰ আহ্বানমর্মে দেশবাসীয়ে স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে আয়োজিত অমৃত মহোৎসৱৰ বিভিন্ন কাৰ্যসূচী পালন কৰি থকাৰ এই ক্ষণত গণতান্ত্রিক শাসন ব্যবস্থা তথা সাংবিধানিক বিধি-ব্যৱস্থাৰ মহত্বক লৈ কাৰ্যপালিকা আৰু ন্যায়পালিকাৰ দুই মুৰব্বীৰ এনে আনুষ্ঠানিক বক্তব্যই সৰ্বসাধাৰণকো নিশ্চয়কে প্রভাবিত কৰিব।

মুখ্য ন্যায়াধীশ এম ভি ৰামানাই সর্বোচ্চ ন্যায়ালয়ৰ বাৰ এছ চিয়েচনে আয়োজন কৰা সভাত ভাৰতবৰ্ষৰ বিকাশৰ দিশত বিতর্ক আৰু আলোচনাৰ গুৰুত্ব স্বীকাৰ কৰি কৈছিল যে আজিৰ সংবিধানমনে ১৯৪৯ চনত গৃহীত হোৱাৰ পিচৰ পৰাই নানা বিতর্ক, বিশ্লেষণৰ মাজেৰে আজি এক জটিল ৰূপ লাভ কৰিছে। এই বিতর্ক আলোচনা যোৱা সময়ছোৱাত ন্যায়ালয়ৰ বাহিৰে-ভিতৰে সমানেই সম্পন্ন হৈছে বুলি কৈ মুখ্য ন্যায়াধীশগৰাকীয়ে এই কথাও একপ্ৰকাৰ দোহাৰিছে যে আমাৰ সংবিধানখনৰ প্রধান বৈশিষ্ট্যটোৱেই হৈছে বিতর্ক, বিবাদ আৰু বিশ্লেষণৰ বাবে খোলা থকা ব্যৱস্থাৱলী।

ইয়াৰ জৰিয়তে জনসাধাৰণৰ কল্যাণৰ হকে ৰাষ্ট্ৰই প্রগতি তথা ক্রমবিকাশৰ পথত অগ্ৰসৰ হ’ব পাৰিছে বুলিও তেওঁ উল্লেখ কৰিছিল। মুখ্য ন্যায়াধীশগৰাকীৰ এই বিশ্লেষণৰ বিপৰীতে প্রধানমন্ত্রী নৰেন্দ্র মোডীয়ে সংবিধান দিৱসৰ সেই একেখন মঞ্চতে মন্তব্য কৰিছিল যে মত প্ৰকাশৰ স্বাধীনতাৰ নামত আমাৰ দেশত উন্নয়নৰ গতি সময়ত স্তব্ধ কৰিও তোলা হৈছে। দেশৰ আগশাৰীৰ সংবাদ মাধ্যমত প্ৰকাশিত সেই বক্তব্যৰ উদ্ধৃতি অনুসৰি প্ৰধানমন্ত্ৰীয়ে কৈছিল যে ঔপনিবেশিকতাবাদী মানসিকতাৰ ফলত ভাৰতত যিদৰে পেৰিছ চুক্তিৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় মহলে বিভিন্ন হেঁচা প্ৰয়োগ কৰিছিল, সেইদৰে আমাৰ দেশতো একাংশই সেই একেই মানসিকতাৰে কেতিয়াবা মত প্রকাশৰ স্বাধীনতাৰ নামত, আকৌ কেতিয়াবা অন্য কোনো বিষয়ৰ ওপৰত ভৰ দি আমাৰ উন্নয়নৰ পথত নানাৰকমৰ বাধাৰ সৃষ্টি কৰি আহিছে।

প্রধানমন্ত্রী আৰু মুখ্য ন্যায়াধীশে সংবিধান দিৱস অনুষ্ঠানত দাঙি ধৰা বক্তব্যৰ মাজত পার্থক্য নিশ্চয় আছে। গণতন্ত্ৰত মতৰ পাৰ্থক্য থকাটোত অস্বাভাবিকতা একো নাই। কিন্তু সাংবিধানিক বিধি-ব্যৱস্থাৰ কার্যকাৰিতা আৰু তাৰ ৰূপায়ণৰ দিশটোক লৈ কাৰ্যপালিকা আৰু ন্যায়পালিকাৰ মাজত সংঘাত হোৱাটো কাৰো বাবেই কাম্য হ’ব নোৱাৰে। অৱশ্যে এয়া দেশৰ দুয়োগৰাকী বিশিষ্ট ব্যক্তিয়ে এটা অনুষ্ঠানত দাঙি ধৰা বক্তব্যহে। কিন্তু মূল বিষয়টো হৈছে– দেশত সংবিধানৰ সুৰক্ষা অক্ষুণ্ণ থকাটো। মোডী চৰকাৰৰ বিৰোধীসকলৰ মাজৰে এচামে আজিকালি সঘনাই অভিযোগ উত্থাপন কৰি আহিছে যে চৰকাৰৰ পৃষ্ঠপোষকতাতে ক্রমান্বয়ে সংবিধানৰ মূল নীতিৰ বিৰুদ্ধাচৰণ কৰা হৈছে।

শাসকপক্ষই সাংবিধানিক সংস্থাসমূহৰ গুৰুত্ব নাইকিয়া কৰাৰ লগতে জনসাধাৰণৰ মত প্রকাশৰ স্বাধীনতাকো বিভিন্ন কৌশলেৰে খৰ্ব কৰাৰ অভিযোগো আহিছে। এনে অভিযোগবোৰৰ মীমাংসাৰ ক্ষেত্ৰত ন্যায়পালিকা আৰু গণতন্ত্ৰৰ চতুর্থ স্তম্ভ হিচাপে সংবাদ মাধ্যমৰ ভূমিকা নিশ্চয়কৈ অপৰিসীম। সংবিধান দিৱসৰ দিনা সর্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীয়ে সংবিধানৰ গুৰুত্ব বুজাবলৈ গৈ আমাৰ দেশৰ স্বাধীনতা সংগ্ৰামৰ ঐতিহ্য আৰু সংবিধানৰ খচৰা প্ৰস্তুত কৰা মহান ব্যক্তিসকলৰ চিৰস্মৰণীয় অৱদানৰ কথাও উল্লেখ কৰিছিল।

তেওঁ ড° বি আৰ আম্বেদকাৰ, জৱাহৰলাল নেহক, লালা লাজপত ৰায়, চৰ্দাৰ পেটেল, কৃষ্ণস্বামী আয়াৰ প্ৰমুখ্যে স্বাধীনতা সংগ্ৰামীসকলৰ কৰ্মৰাজিকো সুঁৱৰিছিল আৰু সংবিধানৰ মৰ্যাদা অটুট ৰখাৰ জৰিয়তে গণতন্ত্রক শক্তিশালী কৰাৰ কথাও কৈছিল। মুখ্য ন্যায়াধীশগৰাকীৰ এনে বক্তব্যই ন্যায় ব্যৱস্থাৰ সৈতে জড়িতসকলৰ লগতে দেশৰ জনসাধাৰণক আপ্লুত কৰিছে। কিন্তু এই কথাও সঁচা যে সংবিধান দিৱসৰ সেই ঐতিহ্যপূর্ণ দিনটোতে বিৰোধী নেতাসকল শাসক পক্ষই আহ্বান কৰা সভাত উপস্থিত নাথাকিল।

কংগ্ৰেছকে ধৰি ১৪ টাকৈ বিৰোধী দলে সংবিধান দিৱসৰ চৰকাৰী অনুষ্ঠান বর্জন কৰে। শাসক পক্ষই সংসদত তেওঁলোকৰ সৈতে আলোচনা নকৰাকৈয়ে একো একোখন বিধেয়ক গৃহীত কৰি সংবিধানক অবমাননা কৰিছে বুলিয়েই তেওঁলোকে তেওঁলোকৰ অনুপস্থিতিৰ পক্ষত যুক্তি দিছে। লোকসভাত কংগ্ৰেছক নেতৃত্ব দিয়া অধীৰৰঞ্জন চৌধুৰীয়ে কয় যে- সংবিধান দিৱসৰ কাৰ্যসূচীত উপস্থিত হোৱাৰ বাবে তেওঁলোকৰ সৈতে চৰকাৰে সঠিকভাবে যোগাযোগ কৰা নাছিল। চৌধুৰীৰ মতে চৰকাৰে বিচাৰিলে সংবিধান দিৱসৰ দিনাই সংসদৰ অধিৱেশন আৰম্ভ কৰি বিৰোধীক কথা কোৱাৰ সুযোগ দিব পৰা গ’লহেঁতেন।

বাওঁপন্থী নেতা সীতাৰাম য়েচুৰীয়ে কয় যে- সংবিধানৰ মৌলিক অধিকাৰ খৰ্ব কৰা চৰকাৰে সংবিধান দিৱস উদযাপন কৰিছে যেতিয়া তাত তেওঁলোকৰ উপস্থিতিৰ কথাই নাহে। এনে বহু বিতর্ক-বিবাদৰ পিচতো প্রধানমন্ত্রীয়ে সংসদৰ চেণ্ট্ৰেল হলত আয়োজিত সংবিধান দিৱসত সংবিধান আৰু গণতন্ত্ৰৰ বিষয়ে ভাষণ দিয়ে। সেই সভাতে প্রধানমন্ত্রীয়ে বিৰোধীক সমালোচনা কৰি পৰিয়ালতান্ত্ৰিক ৰাজনীতিৰ বাবে জগৰীয়া কৰিছে। এতিয়া কথা হ’ল— গণতন্ত্রত বিতর্ক থাকিবই। ভিন্ন মতৰ সহাবস্থান হ’লেহে গণতন্ত্র জীপাল হৈ পৰিব। তেতিয়াহে সংবিধান সুৰক্ষিত থাকিব। এই সামান্য কথাষাৰ যেতিয়ালৈকে শাসন-বিৰোধী উভয় পক্ষই উপলব্ধি কৰি থাকিবলৈ সক্ষম হ’ব, তেতিয়ালৈকে গণতন্ত্রও বৰ্তি থাকিব।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3p7xkH0
via IFTTT

Comments