কলিয়াবৰত ৰাজপথত জ্বলিল তেল পৰিবাহী টেংকাৰ…

ডিজিটেল ডেস্কঃ ৰাজ্যত ধাৰাবাহিকভাৱে সংঘটিত হৈছে পথ দুৰ্ঘটনা। বৃহস্পতিবাৰে নিশা কলিয়াবৰৰ বুঢ়াপাহাৰত পুনৰ সংঘটিত হ’ল আন এক পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাৰ ফলত ৰাজপথতে জ্বলি উঠিল এখন টেংকাৰ।
জানিব পৰা মতে বৃহস্পতিবাৰে নিশা উজনিৰ ৰা নামনিলৈ গৈ থকাৰ অৱস্থাত এখন তেলৰ টেংকাৰ কলিয়াবৰৰ বুঢ়াপাহাৰৰ ওচৰত দুৰ্ঘটনাত পতিত হয়। ১০ চকাৰ এই টেংকাৰখনৰ নম্বৰ এ এছ ০৬ এ চি ১৮৬১। দুৰ্ঘটনাত পতিত হৈ টেংকাৰখন ৰাজপথত বাগৰি পৰাৰ কিছু সময়ৰ পিছতে দাওদাওকৈ জ্বলি উঠে।
ইফালে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে সেই স্থানৰ পৰা পলায়ন কৰে টেংকাৰখনৰ চালক আৰু হেণ্ডিমেনে। এই দুৰ্ঘটনাৰ বাবে কিছু সময়ৰ বাবে ব্যাহত হৈ পৰে যাতায়ত ব্যৱস্থা। পৰৱৰ্তী সময়ত জ্বলি থকা ট্ৰাকখনৰ কাষেৰেই পুনৰ যাতায়ত আৰম্ভ হয়।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3CRzKOU
via IFTTT
Comments
Post a Comment