চাকৰি বিচাৰি থকাসকলৰ বাবে ভাল খবৰঃ নীতি আয়োগত বহু পদত হ’ব নিযুক্তি, এতিয়াই কৰক আবেদন….

ডিজিটেল ডেস্কঃ চৰকাৰী চাকৰি বিচৰা থকাসকলৰ বাবে সুখবৰ। নীতি আয়োগত ওলাইছে চাকৰি। নীতি আয়োগে আয়োগৰ কেইবাটাও পদৰ বাবে নিয়োগ সম্পৰ্কীয় জাননী জাৰি কৰিছে। আয়োগৰ এই জাননী অনুসৰি যুৱ পেছাদাৰী আৰু জ্যেষ্ঠ পৰামৰ্শদাতাকে ধৰি কেইবাটাও পদত নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব।

মুঠ ২৪ টা পদৰ বাবে জাৰি কৰি এই জাননী অনুসৰি যিসকল প্ৰাৰ্থীয়ে এই পদসমূহৰ বাবে আবেদন কৰিব বিচাৰে তেওঁলোকে আবেদন পত্ৰ অনলাইন মোডৰ জৰিয়তে দাখিল কৰিব লাগিব। এই ২৪ টা পদেই ২ বছৰৰ বাবে ঠিকাভিত্তিক নিযুক্তি হ’ব।

আয়োগৰ জানী অনুসৰি নিযুক্তি প্ৰদান কৰিবলগীয়া পদসমূহ হৈছে, জ্যেষ্ঠ পৰামৰ্শদাতা (আইন) – ১, ৰাজহুৱা নীতি বিশেষজ্ঞ (পৰামৰ্শদাতা গ্ৰেড-2) – ১ টা পদ, ৰাজহুৱা নীতি বিশ্লেষক গ্ৰেড 1 (আইন) – ১টা পদ, ৰাজহুৱা নীতি বিশ্লেষক (পৰামৰ্শদাতা গ্ৰেড 1) – ২ টা পদ, পৰামৰ্শদাতা গ্ৰেড-1 (কৃষি) – ১ টা পদ, পৰামৰ্শদাতা গ্ৰেড-১ (শক্তি) – ১ টা পদ আৰু যুৱ পেছাদাৰী – ১৭ টা পদ।

আগ্ৰহী প্ৰাৰ্থীসকলে আবেদন কৰিবলৈ নীতি আয়োগৰ অফিচিয়েল ৱেবছাইট niti.gov.in জৰিয়তে আবেদন কৰিব লাগিব। ৱেবছাইট খুলিলেই আপুনি নিযুক্তি সম্পৰ্কে দেখিবলৈ পাব। তাত ক্লিক কৰিলেই আপুনি এই নিযুক্তিসম্পৰ্কীয় জাননী পাব আৰু লগতে আবেদন লিংকো ইয়াত উপলব্ধ হ’ব। ইয়াৰ পিছত আপুনি পৰ্যায়ক্ৰমে আবেদন প্ৰক্ৰিয়া সম্পৰ্ণ কৰিব পাৰিব।

আবেদন প্ৰক্ৰিয়া ১১ নৱেম্বৰৰ পৰা আৰম্ভ হৈছে, যি এমাহ ধৰি চলিব। আবেদন কৰাৰ অন্তিম তাৰিখ হৈছে ১২ ডিচেম্বৰ। গতিকে আপুনি ১২ ডিচেম্বৰৰ আগতে আপোনাৰ প্ৰপত্ৰ দাখিল কৰিব পাৰে। সবিশেষ তথ্যৰ বাবে আপুনি নীতি আয়োগৰ অফিচিয়ে ৱেবছাইত চাব পাৰে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3FSoyU3
via IFTTT

Comments