৪ডিচেম্বৰত বছৰৰ শেষৰটো পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণঃ কোন ৫টা ৰাশিৰ লোকৰ বাবে অশুভ এই গ্ৰহণ…

ডিজিটেল ডেস্কঃ বছৰৰ শেষৰটো সূৰ্যগ্ৰহণ। অহা ৪ ডিচেম্বৰত বিশ্ববাসীয়ে প্ৰত্যক্ষ কৰিব বছৰৰ শেষৰটো পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ। কেৱল এন্টাকৰ্টিকাৰ পৰা অতি স্পষ্টকৈ দেখা পাব লগা এই সূৰ্যগ্ৰহণ ভাৰতীয় সময় অনুসৰি দিনৰ ১২.২০বজাৰ পৰা আৰম্ভ হব। আৰু দিনৰ ১.৩৬বজাত সমাপ্ত হব।

জ্যেতিষ শাস্ত্ৰৰ মতে, এই গ্ৰহণ ৫টা বিশেষ ৰাশিৰ লোকৰ বাবে অতিকৈ অশুভ। সেই ৰাশি কেইটা হৈছে- মেষ, কৰ্কট, তুলা, বৃশ্চিক আৰু ধনু। অশুভ হলেও জ্যেতিষ শাস্ত্ৰত ইয়াৰ বিধান আছে বুলিও উল্লেখ আছে। এই দিনটোত এই ৰাশিৰ লোকসকলক সাৱধানে থাকিবলৈ পৰামৰ্শ প্ৰদান কৰিছে দেশৰ কেইবাগৰাকীও বিশিষ্ট জ্যেতিষীয়ে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3pazVjf
via IFTTT

Comments