ভাৰতীয় নৌসেনাৰ প্ৰধান হিচাপে দায়িত্ব গ্ৰহণ এডমিৰেল আৰ হৰি কুমাৰৰ…

ডিজিটেল ডেস্কঃ মঙ্গলবাৰে এডমিৰেল আৰ হৰি কুমাৰে ভাৰতীয় নৌসেনাৰ নতুন প্ৰধান হিচাপে দায়িত্ব গ্ৰহণ কৰে। এডমিৰেল কৰমবীৰ সিঙে সুদীৰ্ঘ ৪১ বছৰ নৌসেনাত কৰ্মৰত হৈ থকাৰ পিছত মঙ্গলবাৰে অৱসৰ গ্ৰহণ কৰে আৰু তেওঁ স্থলাভিষিক্ত হয় এডমিৰেল আৰ হৰি কুমাৰ। দায়িত্ব গ্ৰহণ কৰি এডমিৰেল আৰ হৰি কুমাৰে কয় যে, এডমিৰেল কৰমবীৰ সিঙৰ নেতৃত্ব আৰু নিৰ্দেশনাৰ বাবে আমি কৃতজ্ঞ। ভাৰতীয় নৌ সেনা সদায় তেওঁৰ প্ৰতি কৃতজ্ঞ হৈ থাকিব।
আনহাতে অৱসৰৰ সময়ত এডমিৰেল কৰমবীৰ সিঙে কয় যে, যোৱা ৩০ মাহ ধৰি ভাৰতীয় নৌসেনাৰ মুৰব্বী হিচাপে কাম কৰাটো মোৰ বাবে গৌৰৱৰ বিষয়। এই সময়ছোৱাত, কোভিড মহামাৰীৰ বাবে দেশ আৰু নৌসেনা এক কঠিন সময়ৰ মাজেৰে পাৰ হৈছে। নৌসেনাই এই কঠিন সময়ত সৰ্বশ্ৰেষ্ঠ কাম কৰিছিল।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3pb3D82
via IFTTT
Comments
Post a Comment