মহম্মদ আলী জিন্নাৰ আগত তেওঁ কৈছিল ‘অসম ভাৰতৰ অংশ নহয় স্বাধীন, কাৰ সৈতে চামিল হ’ব অসমে নিজেই সিদ্ধান্ত ল’ব….’

ডিজিটেল ডেস্কঃ আজি জননেতা ভীমবৰ দেউৰীৰ মৃত্যু তিথি। অসমৰ জনজাতীয় লোকসকলৰ লগতে অসম স্বাৰ্থৰ হকে আত্মনিয়োগ কৰা জননেতা ভীমবৰ দেউৰীয়ে ১৯৪৭ চনৰ ৩০ নৱেম্বৰত ইহ সংসাৰ ত্যাগ কৰিছিল। বহিৰাগতৰ প্ৰবজন ৰোধ, প্ৰাকৃতিক সম্পদ ৰক্ষা, পিছপৰা জাতি-জনগোষ্ঠীৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কেন্দ্ৰৰ পৰা ৰাজ্যসমূহলৈ ক্ষমতা বিকেন্দ্ৰীকৰণ, স্বায়ত্ব শাসন, বিধান পৰিষদ গঠন, অসৰ সকলো জনগোষ্ঠীৰ মাজত অৰ্থনৈতিক সমতা স্থাপন আদি নীতি উদ্ভাৱনেৰে ৰাজনৈতিক-সামাজিক দিশত বিশেষ অৱদান আগবঢ়াইছিল।
১৯০৩ চনৰ মে’ মাহৰ ১৬ তাৰিখ শিৱসাগৰত জন্মগ্ৰহণ কৰা ভীমবৰ দেউৰীয়ে ১৯১৮ চনত শিৱসাগৰ চৰকাৰী এম ভি স্কুলৰ পৰা এম ভি পাছ কৰি বৃত্তি লাভ কৰাৰ পিছত ১৯২৫ চনত শিৱসাগৰ চৰকাৰী হাইস্কুলৰ পৰা এণ্ট্ৰেন্স পৰীক্ষাত ৫ টা বিষয়ত লেটাৰ নম্বৰসহ উত্তীৰ্ণ হৈছিল। ইয়াৰ পিছত কটন কলেজত নামভৰ্তি কৰি ১৯২৭ চনত প্ৰথম বিভাগত আই এ পৰীক্ষাত উত্তীৰ্ণ হয় আৰু ১৯২৯ চনত কটন কলেজৰ পৰাই দ্বিতীয় শ্ৰেণীৰে বি এ পাছ কৰে। ১৯৩১ চনত কলিকতাৰ পৰা আইন পৰীক্ষাত উত্তীৰ্ণ হৈ বি এল হয়।
১৯৩২ চনত ডিব্ৰুগড় আদালতত ওকালতি আৰম্ভ কৰে ভীমবৰ দেউৰীয়ে। ইয়াৰ পিছতে তেওঁ অসমৰ অনগ্ৰসৰ জনগোষ্ঠীসমূহক ঐক্যৱদ্ধ কৰাৰ উদ্দেশ্যৰে ৰহাত অসম ভৈয়ামৰ অনগ্ৰসৰ জনগোষ্ঠীৰ প্ৰথম অধিৱেশন অনুষ্ঠিত কৰি আছাম বেকৱাৰ্ড প্লেইনছ ট্ৰাইবেল লীদ চমুকৈ ট্ৰাইবেল লীগৰ জন্ম দিছিল।
১৯৩৫ চনতে এই ট্ৰাইবেল লীগৰ দাবীৰ ভিত্তিতেই অসম বিধানসভাত ১০ খন আসন ভৈয়াম-জনজাতিসকলৰ বাবে সংৰক্ষণ কৰা হৈছিল। ১৯৩৮ চনত তেওঁক ৰাজ্যপালে ডিব্ৰুগড় স্থানীয় মণ্ডলৰ এজন মনোনীত সদস্য হিচাপে নিযুক্তি প্ৰদান কৰিছিল। আনহাতে ১৯৩৯ চনত ৰাজ্যপালে তেওঁক অসম বিধান পৰিষদৰ সদস্য পদত মনোনীত সদস্য হিচাপে মোনোনীত কৰিছিল।
এইগৰাকী ভীমবৰ দেউৰীয়েই গ্ৰুপিংৰ সময়ত অসমক পাকিস্তানৰ সৈতে চামিল নকৰিবলৈ দিল্লীত একাংশ প্ৰতিনিধিৰ সৈতে উপস্থিত হৈছিল। দিল্লীত মহম্মদ আলী জিন্নাৰ সৈতে অসম ৰক্ষা কৰিবলৈ, পাকিস্তানৰ সৈতে অসমক চামিল নকৰিবলৈ আলোচনাত মিলিত হৈছিল। তেওঁ অসম বৃটিছৰ আগমণৰ পূৰ্বে এখন স্বাধীন ৰাষ্ট্ৰ আছিল ভাৰতৰ অংশ নাছিল বুলি দাবী কৰিছিল। তেওঁ আলী জিন্নাৰ সন্মুখত সদম্ভে কৈছিল- ”পূব বংগৰ জমিদাৰী প্রথাৰদ্বাৰা নিষ্পেষিত কৃষকসকলক মাটি দিয়াৰ অজুহাতেৰে অসম পাকিস্তানৰ হ’ব নোৱাৰে। মুছলমান ৰজা আৰু মোগল সম্ৰাটসকলে সোতৰবাৰ অসম আক্রমণ কৰিও অসম দেশ অধিকাৰ কৰিব নোৱাৰিলে। এতিয়া আপুনি কলমৰ আগত কেনেকৈ ল’ব? অসমখন কোনো হিন্দু বা মুছলমানৰ নহয়, ই ট্রাইবেলসকলৰহে। গতিকে অসম কাৰ লগত থাকিব তাৰ সিদ্ধান্ত ল’ব অসমবাসীয়ে। আপোনাৰ এই আশা পৰিত্যাগ কৰক। আমি আমাৰ দেহত এটোপাল তেজ থকালৈকে যুঁজ কৰিম।”
এ
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3D6eS6o
via IFTTT
Comments
Post a Comment