সংসদলৈ কৃষকৰ ট্ৰেক্টৰ সমদল স্থগিত…

ডিজিটেল ডেস্কঃ আন্দোলনকাৰী কৃষক নেতৃবৰ্গই ইতিপূৰ্বে ঘোষণা কৰা ২৯নৱেম্বৰ সংসদ যাত্ৰা’ৰ কাৰ্যসূচী স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আন্দোলনকাৰী কৃষক সংগঠনসমূহৰ উমৈহতীয়া মঞ্চ সন্মিলিত কিষাণ মৰ্চাই যোৱা শনিবাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে।
এক বৈঠকত এই সিদ্ধান্ত লোৱাৰ পাছত কিষাণ মৰ্চাৰ এজন মুখপাত্ৰ ডঃ দৰ্শন পাল সিঙে কয়- ইতিমধ্যে আমি প্ৰধানমন্ত্ৰীলৈ চিঠি প্ৰেৰণ কৰি আমাৰ দাবীসমূহ অৱগত কৰিছো। চৰকাৰে কি সিদ্ধান্ত লৈ কি ব্যৱস্থা গ্ৰহণ কৰে তাৰ বাবে অহা ৪ ডিচেম্বৰলৈ অপেক্ষা কৰিম। ইয়াৰ পিছত পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিম।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3lf9Z51
via IFTTT
Comments
Post a Comment