অনিমেষ ভূঞা হত্যাকাণ্ডঃ এই পৰ্যন্ত ১০ জনক আটক…

ডিজিটেল ডেস্কঃ ৰাজ্য কপাই যোৱা যোৰাহাট কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত এই পৰ্যন্ত মুঠ ১০ জনক আটক কৰিছে আৰক্ষীয়ে। এই বিষয়ে অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে এই বিষয়ে টুইট কৰি সদৰি কৰিছে।
সোমবাৰে বিয়লি যোৰহাট টাউনৰ মাজমজিয়াত ৫০ জনৰো অধিক ব্যক্তিয়ে মৰিয়াই মৰিয়াই হত্যা কৰিলে যোৰহাট ছাত্ৰ সন্থাৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক তথা খকন্দগুৰিৰ যুৱক অনিমেষ ভূঞা নামৰ এজন উদিয়মান ছাত্ৰ নেতাক। আনহাতে এই ঘটনাত আহত হৈছিল আন ২ জন যুৱক। আহত দুই যুৱকৰ এজন আছিল প্ৰতিদিন টাইমৰ সাংবাদিক মৃদুষ্মন্ত বৰুৱা।
এই ঘটনাৰ পিছতে যোৰহাট আছুৱে সমগ্ৰ ঘটনাৰ তদন্ত কৰি ২৪ ঘণ্টাৰ ভিতৰত ঘটনাৰ সৈতে জড়িত সকলোকে আটক কৰিবলৈ দাবী জনোৱাৰ লগতে বিক্ষোভ কাৰ্যসূচীও হাতত লৈছে। ইফালে এই সমগ্ৰ ঘটনাৰ তদন্ত কৰিবলৈ যোৰহাটৰ মহকুমাধিপতি (সদৰ) আকাশী দুৱৰাক নিৰ্দেশ প্ৰদান কৰা হৈছে। দুৱৰাই ১০ দিনৰ ভিতৰত সমগ্ৰ ঘটনাৰ তদন্ত কৰি প্ৰতিবেদন দাখিল কৰিব লাগিব।

from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/317OpZw
via IFTTT
Comments
Post a Comment