ভাৰত পালেহি নেকি কোৰোনাৰ অতি শক্তিশালী ৰূপ অমিক্ৰম ! আফ্ৰিকাৰ পৰা অহা ৫০০ ৰো অধিক লোক নিৰুদ্দেশ….

ডিজিটেল ডেস্কঃ দক্ষিণ আফ্ৰিকাত নতুনকৈ পোহৰলৈ অহা কোৰোনাৰ নতুন প্ৰকাৰ অমিক্ৰনে সমগ্ৰ বিশ্বত আতংকৰ সৃষ্টি কৰিছে। কোৰোনাৰ ডেল্টা প্ৰকাৰতকৈ অধিক শক্তিশালী বুলি দাবী কৰা হৈছে এই নতুন প্ৰকাৰক। কোৱা হৈছে অমিক্ৰম ডেল্টাতকৈ ৫০ গুণ অধিক শক্তিশালী। অৱশ্যে বিশ্ব স্বাস্থ্য সংস্থাই এতিয়াও এই বিষয়ে সবিশেষ প্ৰকাশ কৰা নাই।

তথাপিও বিশ্বৰ অন্যান্য দেশৰ লগতে ভাৰতেও বিদেশৰ পৰা অহা যাত্ৰীসকলৰ বাবে নতুন এছ অ’ পি জাৰি কৰিছে। তাৰ মাজতে পোহৰলৈ আহিছে এক উদ্বেগজনক খবৰ। যোৱা ১৫ টা দিনত আফ্ৰিকাৰ দেশসমূহৰ পৰা ভাৰতলৈ আহিছিল ১০০০ যাত্ৰী। এই সকলো যাত্ৰী আহি উপস্থিত হৈছিল মুম্বাইত। কিন্তু এই ১০০০ যাত্ৰীৰ ৫০০ ৰো অধিকৰ তথ্য নাই মুম্বাই বিমানবন্দৰ কৰ্তৃপক্ষৰ।

উল্লেখ্য যে যোৱা ২৪ নৱেম্বৰত দক্ষিণ আফ্ৰিকাৰ পৰা দিল্লী হৈ মুম্বাইলৈ অহা এগৰাকী ব্যক্তি কোভিডত আক্ৰান্ত হৈছে। এই ব্যক্তিগৰাকীৰ নমুনা পৰীক্ষা কৰা হৈছে যদিও এতিয়ালৈকে স্পষ্ট হোৱা নাই তেওঁৰ দেহত কোৰোনাৰ নতুন প্ৰকাৰ অমিক্ৰনে ঠাই লৈছে নে আন কোনোবা প্ৰকাৰে ঠাই লৈছে।

মুম্বাই পৌৰ নিগমৰ এজন বিষয়াই উল্লেখ কৰিছে এই বিষয়ে। তেওঁ কোৱা মতে যোৱা ১৫ টা দিনত আফ্ৰিকাৰ দেশসমূহৰ পৰা ১০০০ যাত্ৰীৰ আগমণ ঘটিছে আৰু ইয়াৰ ৪৬৬ জন লোককহে বিমানবন্দৰ কৰ্তৃপক্ষই তালিকাভুক্ত কৰা হৈছে। ইয়াৰে আকৌ ১০০ জন লোকৰহে নুমনা সংগ্ৰহ কৰা হৈছে।

মুম্বাইৰ অতিৰিক্ত পৌৰ আয়ুক্ত সুৰেশ কাকানীয়ে সংবাদ সংস্থাক কৈছে যে, বিমানবন্দৰ কৰ্তৃপক্ষই এতিয়ালৈকে সকলো লোকৰ তালিকা লাভ কৰা নাই যাৰ বাবে পৰীক্ষাত পলম হৈছে। বি এম চিয়ে ৪৬৬ জন যাত্ৰীৰ ভিতৰত ১০০ মুম্বাইৰ বুলি উল্লেখ কৰিছে। এই ১০০ জন ব্যক্তিৰ নমুনা সংগ্ৰহ কৰা হৈছে আৰু মঙ্গলবাৰৰ ভিতৰত তেওঁলোকৰ নমুনাৰ প্ৰতিবেদন পোহৰলৈ আহিব।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3xAdl7J
via IFTTT

Comments