‘প্ৰেছ এম্ব্লেম কেম্পেইন’ৰ বাৰ্ষিক পুৰস্কাৰ জ্যেষ্ঠ সাংবাদিক নৱ ঠাকুৰীয়ালৈ…

ডিজিটেল সংবাদ গুৱাহাটীঃ আন্তৰ্জাতিক সংবাদ কৰ্মী সুৰক্ষা সংস্থা ‘প্ৰেছ এম্ব্লেম কেম্পেইন’ৰ বাৰ্ষিক পুৰস্কাৰ লাভ কৰিছে অসমৰ জ্যেষ্ঠ সাংবাদিক নৱ ঠাকুৰীয়াই। ভাৰতৰ লগতে দক্ষিন-পূব এছিয়াৰ কৰ্মৰত সাংবাদিকৰ অধিকাৰ, সুৰক্ষা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত আগবঢ়োৱা অৰিহণাৰ বাবে জেনেভাস্থিত ‘পিইচি’য়ে এই বছৰ ঠাকুৰীয়াক এই বঁটাৰে সন্মানিত কৰে।

উল্লেখ্য যে, এই সন্মান লাভ কৰা ঠাকুৰীয়া হ’ল ভাৰতৰ প্ৰথম গৰাকী সাংবাদিক। কোৰোনা কালৰ বাধা-নিষেধৰ বাবে ঠাকুৰীয়া ছুইজাৰলেণ্ডত উপস্থিত হ’ব নোৱাৰাৰ কাৰনে তেওঁক ভাৰ্ছুৱেলী এই বঁটা প্ৰদান কৰা হয় । আনকি দ্ৰুত কোভিড সংক্রমনৰ প্ৰতি লক্ষ্য ৰাখি জেনেভা প্ৰেছ ক্লাবত আয়োজন কৰা স্থানীয় সাংবাদিকৰে ঠাকুৰীয়াৰ বাৰ্তালাপ অনুষ্ঠানো বাতিল কৰা হয়।

“এই বছৰ প্ৰথমবাৰৰ বাবে পিইচিয়ে পৃথিৱীৰ দ্বিতীয় জনবহুল দেশ ভাৰতৰ এগৰাকী পেছাদাৰী সাংবাদিকক এই বঁটাৰ বাবে বাছনি কৰিছে। বৃহত্তম গণৰাজ্য ৰূপে পৰিচিত ভাৰতত এক শক্তিশালী গণমাধ্যমো বিদ্যমান । দেশখনত যোৱা বছৰ ১৫ গৰাকী সংবাদকৰ্মীৰ হত্যাৰ ঘটনা পোহৰলৈ আহিছে। তাৰ লগে লগে সাংবাদিক সকলে বিভিন্ন সময়ত শাৰীৰিক- মানসিক নিৰ্যাতনৰো বলি হৈছে,” এই মন্তব্য আন্ত:ৰাষ্ট্ৰীয় সংস্থাটোৰ সম্পাদক-প্ৰধান ব্লেইজ লেম্পনৰ ।

এই বছৰ বৰ্তমানলৈ ভাৰতত ৬ গৰাকী সাংবাদিকৰ হত্যাৰ তথ্য প্ৰকাশ পাইছে। তদুপৰি ২০২০ চনৰ মাৰ্চৰ পৰা কোৰোনা ভাইৰাছৰ চিকাৰ হৈ মৃত্যুবৰণ কৰিছে প্ৰায় ৩০০ সাংবাদিকে । নিজ দেশৰ লগতে ঠাকুৰীয়াই চুবুৰীয়া ৰাষ্ট্ৰ ব্ৰক্ষ্মদেশৰ সাংবাদিক সকলৰো নিৰ্যাতনৰ তথ্য সংগ্ৰহ কৰিছে। যোৱা ১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা সামৰিক শাসনৰ কালত প্ৰায় ১২০ গৰাকী সাংবাদিকক আটক কৰা হৈছে।

অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ স্নাতক ঠাকুৰীয়াই পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ সংবাদমাধ্যমত নিজ অঞ্চলৰ বা-বাতৰি আৰু প্ৰবন্ধ প্ৰকাশ কৰি আহিছে। পিইচি (www.pressemblem.ch)ৰ এই সন্মানে দক্ষিন আৰু দক্ষিন-পূব এছিয়াৰ সাংবাদিকসকলৰ প্ৰত্যাহ্বানৰ প্ৰসংগ আন্ত:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈ কঢ়িয়াই নিব বুলি ঠাকুৰীয়া আশাবাদী । অগ্ৰণী এই সংস্থাটোৱে ২০২০ চনত এই বঁটা আগবঢ়াইছিল মেক্সিকোৰ সাংবাদিক কাৰমেন এৰিষ্টেগুইক । তাৰ আগত পিইচিৰ এই সন্মান লাভ কৰে আফগানিস্তান,মালটা, তুৰ্কী, ৰাছিয়া, ছিৰিয়া, ইউক্ৰেইন, ছুইজাৰলেণ্ড, গুৱেটামালা, টিউনিছিয়া, ইজিপ্ত, ফিলিপাইনছ আদি দেশৰ সাংবাদিক আৰু সাংবাদিক-সংগঠনে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3lmRiMN
via IFTTT

Comments