বিগত ২৮ বছৰে মুকুলি নহল নগৰবেৰাৰ ৩০ খন বিছনাযুক্ত গ্ৰাম্য চিকিৎসালয়…

ডিজিটেল সংবাদ, নগৰবেৰাঃ কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ নগৰবেৰাৰ ত্ৰিশখন বিছনাযুক্ত গ্ৰাম্য চিকিৎসালয়খন অতি দুৰ্ভাগ্যজনকভাৱে নিৰ্মাণৰ ২৮ বছৰ পিছতো উদ্বোধন নোহোৱাকৈ পৰি থকা ঘটনাই স্বাস্থ্য বিভাগৰ ফোপোলা স্বৰূপটো উদঙাই দেখুৱাইছে। জানিব পৰা মতে বকো সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা তদানীন্তন সাহায্য আৰু পুনৰসংস্থাপন মন্ত্ৰী গোপীনাথ দাসে১৯৯৩ চনৰ ২৫ নবেম্বৰত নগৰবেৰাৰ এই চিকিৎসালয়খনৰ আধাৰশিলা স্থাপন কৰিছিল।

১৯৯৬ চনত নগৰবেৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ চৌহদত এক কোটি টকা ব্যয় কৰি চিকিৎসালয়গৃহ আৰু আৱাস গৃহ নিৰ্মাণৰ কাম সম্পন্ন কৰাৰ পিছতো চিকিৎসালয়খনৰ কাম- কাজ আৰম্ভ নোহোৱাত ৰাইজ তথা বিভিন্ন দল সংগঠনৰ কৰ্মকৰ্তাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বৃহত্তৰ নগৰবেৰা আৰু ইয়াৰ পাৰ্শৱৰ্তী অঞ্চলসমুহৰ ২-৩ লাখ লোকৰ চিকিৎসা সেৱাৰ নিৰ্ভৰযোগ্য কেন্দ্ৰ নগৰবেৰা ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এতিয়াও পৰ্যাপ্ত চিকিৎসক আৰু আন্তঃগাঁথনিৰ সা-সুবিধা নাই।

প্ৰয়োজনীয় তথা উন্নত মানৰ চিকিৎসা সেৱাৰ পৰা বঞ্চিত নগৰবেৰা, পিজুপাৰা, জামলাই, বিদ্যানগৰ, কল্যাণপুৰ, নাইটৰ, পলাহৰটাৰী, গান্ধীনগৰ, কালুবাৰী, মালঞ্চা, টুপামাৰী, ৰাংগাপানী,মেধিপাৰা, ৰংগেশ্বৰী আদি গাওঁৰ লগতে বৰপেটা জিলাৰ চেঙা আৰু বাঘবৰ সমষ্টিৰ দক্ষিণ পাৰৰ চৰাঞ্চলৰ ৰোগীয়ে প্ৰতিদিনে চিকিৎসাৰ বাবে সুদুৰ গুৱাহাটী, গোৱালপাৰা আৰু বৰপেটালৈ যাৱলগীয়া হয়।

বিগত কংগ্ৰেছৰ শাসন কালত ৰাইজৰ বাৰম্বৰ দাবীৰ পৰিপ্ৰেক্ষিতত তদানীন্তন স্বাস্থ্য মন্ত্ৰী তথা জেষ্ঠ্য কংগ্ৰেছী বিধায়ক প্ৰয়াত ডাঃ ভূমিধৰ বৰ্মন আৰু তদানীন্তন জলসম্পদ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন সাংসদ বিজয়া চক্ৰৱৰ্তীয়ে উক্ত চিকিৎসালয়খন মুকলি কৰাৰ বাবে ৰাজহুৱা প্ৰতিশ্ৰুতি দিছিল যদিও আজি ২৮ বছৰে তেওঁলোকৰ প্ৰতিশ্ৰুতি কাৰ্যকৰী নহল।ফলত বছৰৰ পাছত বছৰ অব্যৱহৃত চিকিৎসালয় গৃহ খন সম্প্ৰতি জহি খহি যোৱাৰ উপক্ৰম হব ধৰিছে।ইফালে বকো সমষ্টিৰ ৰাইজৰ ভোটৰে একাধিক বাৰ নিৰ্বাচিত জনপ্ৰতিনিধি তদানীন্তন ৰাজ্যিক মন্ত্ৰী তথা প্ৰাক্তন বিধায়ক গোপীনাথ দাস আৰু প্ৰাক্তন বিধায়ক জ্যোতিপ্ৰসাদ দাসেও নগৰবেৰাৰ ত্ৰিশখন বিছনাযুক্ত গ্ৰাম্য চিকিৎসালয়খন উদ্বোধন কৰাৰ ক্ষেত্ৰত নূন্যতম গুৰুত্ব আৰোপ নকৰিলে বুলি অভিযোগ উত্থাপন হৈছে।

একেদৰে সমষ্টিটোৰ বৰ্তমানৰ বিধায়ক তথা অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী নন্দিতা দাসৰ লগতে বিজেপি চৰকাৰৰ বিগত কাৰ্যকালৰ সময়তো দুৰ্ভাগ্যজনকভাবে চিকিৎসালয়খন মুকলি কৰাৰ পদক্ষেপ গ্ৰহণ নকৰিলে। বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ চিকিৎসা সেৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি শীঘ্ৰে নগৰবেৰাৰ ত্ৰিশখন বিছনাযুক্ত গ্ৰাম্য চিকিৎসালয়খন মুকলি কৰি কাৰ্যক্ষম কৰি তুলিবলৈ ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত , গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, স্থানীয় বিধায়িকা নন্দিতা দাস, কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এন আৰু সংশ্লিষ্ট বিভাগক ৰাইজে সৰৱ দাবী জনোৱাৰ লগতে এই ক্ষেত্ৰত ৰাজ্যৰ বিজেপি নেতৃত্বাধীন মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাক হস্তক্ষেপ কৰিবলৈ অনুৰোধত জনাইছে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3DVYFlA
via IFTTT

Comments