গোপিকানন্দ শইকীয়াৰ অভিনন্দন গ্ৰন্থ “ৰ’দ অনা মানুহজন” উন্মোচন…

ডিজিটেল সংবাদ, বোকাখাতঃ “কাইলৈ যেতিয়া মই নাথাকিম, তুমি মোৰ গুণবোৰ আলোচনা কৰিবা, মোৰ পৰিয়ালৰ খবৰ কৰিবলৈ আহিবা। তাতকৈ এটা কাম নকৰা কিয় ? আজিয়েই মোৰ ঘৰলৈ আহাঁ আৰু মোৰ গুণবোৰৰ বিষয়ে মোক কোৱাঁ। মই উপকৃত হ’ম”- ধৰ্মগুৰু অশ্ব’ (ৰজনীশ)ৰ এই কথাষাৰকে আগত ৰাখি প্ৰকাশ কৰা বোকাখাতৰ জনপ্ৰিয় শিক্ষক তথা বোকাখাত শ্ৰী শ্ৰী যোগানন্দ দেৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক গোপিকানন্দ শইকীয়াৰ অভিনন্দন গ্ৰন্থ “ৰ’দ অনা মানুহজন” বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাকৰিত দেওবাৰে উন্মোচন কৰা হয়।

বোকাখাতৰ “আকৰ প্ৰকাশনে” প্ৰকাশ কৰি উলিওৱা গ্ৰন্থখন সম্পাদনা কৰিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰচাৰণ কাৰ্যবাহী বিষয়া তথা নাট্যকাৰ, পৰিচালক ঋতুপৰ্ণ দাসে। জেষ্ঠ সাংবাদিক তথা প্ৰগতিশীল লিখক ভবেশ শইকীয়া, কবি অজিৎ গগৈ, ড০ ৰুবী বৰা, সুব্ৰত পুৰুকায়স্থ, উৎপল দলেকে আদি কৰি মুঠ ৮৩ জন লিখকৰ লেখা সন্নিবিষ্ট “ৰ’দ অনা মানুহজন”গ্ৰন্থখন উন্মোচন কৰে তিনিচুকীয়া উইমেন কলেজৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক উত্তম বৰুৱাই। বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাকৰিত অনুষ্ঠিত হোৱা অন্তৰংগ অনুষ্ঠানটোত বিশিষ্ট ব্যক্তিৰ উপস্থিতিত গোপিকানন্দ শইকীয়াক সম্বৰ্ধনা জ্ঞাপন কৰে ভালেসংখ্যক ব্যক্তি আৰু অনুষ্ঠান-প্ৰতিষ্ঠানে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3FVQAxO
via IFTTT

Comments