পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিঃ দুৰ্বৃত্তই জ্বলাই দিলে বাহন…

ডিজিটেল সংবাদ মাজবাটঃ মাজবাটৰ লামাবাৰীত শুকুৰবাৰে নিশা পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হয় তীব্ৰ উত্তেজনাৰ। নিশা সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত থিতাতে নিহত হ’য় দেবাৰু কোৱাৰ নামৰ এজন লোক। নিহত লোক জন লামাবাৰী চাহ বাগিচাৰ বুলি জানিব পৰা গৈছে।

লোক জনৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি দুৰ্ঘটনা সংঘটিত কৰা বাহন খন কোনো দুৰ্বিত্তই অগ্নিসংযোগ কৰে। লগে লগে দাওদাওকৈ জ্বলি উঠে দুৰ্ঘটনা সংঘটিত কৰা বাহন খন।‌ দুৰ্বিত্তই অগ্নিসংযোগ কৰা বাহন খনৰ নম্বৰ AS 12 BC 7293।

ইয়াৰ পিছত লগে লগে ঘটনাস্থলীত উপস্থিত হয় লালপানী আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ দল। মাজবাটস্থিত অগ্নি নিৰ্বাপক বাহিনীয়ে অগ্নিসংযোগ কৰা বাহন খনৰ অগ্নি নিৰ্বাপন কৰাৰ লগতে লালপানী আৰু মাজবাট আৰক্ষীয়ে উত্তেজিত পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3p7YQ70
via IFTTT

Comments