কোন দিশে জাতি ! এইবাৰ গুৱাহাটীৰ হৰ্ডিংৰ পৰা আঁতৰিল কলাগুৰু বিষ্ণু ৰাভাৰ নাম…

ডিজিটেল ডেস্কঃ যি সময়ত অসমীয়া ভাষাৰ বিৰুদ্ধে এক চক্ৰই ষড়যন্ত্ৰ কৰাৰ অভিযোগ উঠিছে, সেই সময়ত মহানগৰীৰ আন এক দৃশ্যই ৰাইজৰ চকু কপালত তুলিছে। গণেশগুৰিৰ পুৰণি উৰণীয়া সেতুখনৰ আপুনি হয়তো এখন হৰ্ডিং সদায় দেখিছিল। যিখন হৰ্ডিংত জনতাভৱনৰ ফালৰ পৰা উৰণীয়া সেতুৰ আৰম্ভণিৰ অংশতেই লিখি আঁৰি থোৱা আছিল এই উৰণীয়া সেতুখনৰ নাম কলাগুৰু বিষ্ণুৰাভা উৰণীয়া সেতু।
অসমীয়া জাতিৰ অন্যতম কাণ্ডাৰি কলাগুৰুৰ নামত থকা এই উৰণীয়া সেতুখনৰ নামফলক এতিয়া তাত দেখিবলৈ নাপাব। ইয়াৰ সলনি কোনোবা বহুজাতিক কোম্পানিৰ বিজ্ঞাপনে এতিয়া সেই স্থান দখল কৰিছে। কোনে এই কলাগুৰু বিষ্ণুৰাভাৰ নামত থকা উৰণীয়া সেতুখনৰ নামফলক আঁতৰাই নিলে সেইয়াহে এতিয়া আন এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে।
যিসময়ত বৰাকত প্ৰদীপ দত্ত ৰায় নামৰ অসমীয়া বিদ্বেষী জনৰ ভাবুকিত অসমীয়া ভাষাৰ হৰ্ডিং আঁতৰাবলগীয়া হৈছিল সেই একে সময়তে প্ৰশ্ন উঠিছে যে গুৱাহাটীতো কোনোবা চৰকাৰী পক্ষ বা ক্ষমতাশাী লোকৰ পৃষ্ঠপোষকতাত এনে কাৰ্য চলি আহিছে নেকি?
বিষ্ণু ৰাভাৰ প্ৰতি অসমীয়া সমাজৰ এক দায়িত্ববোধ আছে। কৃষি তথা শ্ৰমজিৱী লোকৰ অধিকাৰৰ হকে মাত মাতি এক প্ৰতিবাদী কণ্ঠ হৈ পৰা বিষ্ণু ৰাভাই সাংস্কৃতিক বিপ্লৱৰো সূচনা কৰিছিল। শংকৰদেৱৰ পাছতেই যিসকল মনিষিয়ে অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াত গুৰি বঠা ধৰিছিল সেই সকলৰ ভিতৰত ৰাভাও আছিল অন্যতম। কলাগুৰু বিষ্ণু ৰাভাৰ নামত সেয়েহে গণেশগুৰি উৰণীয়া সেতুখন নামাকৰণ কৰাত অসমীয়া জাতিয়েও গৌৰৱবোধ কৰিছিল। কিন্তু এতিয়া তাৰ পৰা তেওঁৰ নামেই আঁতৰাই দি অতি পৰিকল্পিতভাৱে তেওঁক কৰা অপমানৰ বিৰুদ্ধে জাতিয় দল সংগঠনে কি ভূমিকা গ্ৰহণ কৰে সেইয়াহে লক্ষণীয় হৈ পৰিব।
অসমীয়া ভাষা সুৰক্ষা প্ৰদান কৰিম বুলি বচন মাতি অহা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চকুত পৰিবনে এই বোৰদৃশ্য। অসমীয়াৰ আৱেগ আনুভূতিক লৈ কিয় বাৰে বাৰে এনে খেল খেলা হয়? মুখ্যমন্ত্ৰী তথা সংশ্লিষ্টত বিভাগে তদন্ত কৰক, কাৰ বাবে গণেশগুৰিৰ উৰণীয়া সেতুৰ পৰা আঁতৰিল বিষ্ণুৰাভাৰ নাম।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3p1OFB7
via IFTTT
Comments
Post a Comment