বকোৰ অসম মেঘালয় সীমান্তত মন্ত্ৰী অতুল বৰা আৰু মেঘালয়ৰ মন্ত্ৰী আৰ এল তংখাৰ..

ডিজিটেল সংবাদ,ছমৰীয়া: অসম মেঘালয়ৰ সীমান্ত সমস্যা সন্দৰ্ভত দীৰ্ঘদিন ধৰি অব্যাহত আছে তীব্ৰ উত্তেজনা।তাৰ মাজতে যোৱা ১৬ নৱেম্বৰত অসম মেঘালয়ৰ সীমান্ত চিৰসেউজ লাম্পীত দুই ৰাজ্যৰ মূখ্যমন্ত্ৰী উপস্থিত হৈছিল যদিও এতিয়াও সীমা সমস্যা সমাধান হোৱা নাই।

উল্লেখ্য যে দুই ৰাজ্যৰ সীমান্তত তীব্ৰ উত্তেজনা অব্যাহত থকাৰ সময়তে আজি অসম মেঘালয় সীমান্তৰ জয়পুৰত কিছু সময় পিছতে উপস্থিত হব অসমৰ সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰা,মেঘালয়ৰ মন্ত্ৰী ৰেনিকটন এল তংখাৰ,কামৰূপৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এন,মেঘালয়ৰ উপায়ুক্ত,বকো ৰাজহ চক্ৰ বিষয়া ৰাজ বৰুৱাকে ধৰি দুই ৰাজ্যৰ বহু কেইজন প্ৰশাসনিক বিষয়া।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3p7BlLx
via IFTTT

Comments