নৱম, দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে বিশেষ ছমহীয়া পৰীক্ষা…

ডিজিটেল ডেস্কঃ মাধ্যমিক শিক্ষা পৰিষদ চুমকৈ ছেবাই অক্টোবৰ মাহত অনুষ্ঠিত হোৱা ছমহীয়া পৰীক্ষাত অৱতীৰ্ণ হব নোৱাৰা নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে এক বিশেষ ছমহীয়া পৰীক্ষা অনুষ্ঠিত কৰিব বুলি অৱগত কৰিছে।

বোৰ্ডে এক জাননীত কৈছিল যে বিদ্যালয়সমূহে অক্টোবৰত অনুষ্ঠিত পৰীক্ষাত অৱতীৰ্ণ হ’ব নোৱাৰা সকলৰ বাবে আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা (বিশেষ) পৰীক্ষা, ২০২১ ত অনুত্তীৰ্ণ হোৱা সকলৰ বাবে বিশেষ ছমহীয়া পৰীক্ষা অনুষ্ঠিত কৰিব।

বোৰ্ডে বিদ্যালয়সমূহক ১৫ ডিচেম্বৰ,২০২১-ৰ ভিতৰত পৰীক্ষা সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছে। লগতে কোৱা হৈছে যে বিশেষ ছমহীয়া পৰীক্ষাৰ শিক্ষাৰ্থীসকলৰ শ্ৰেণী অনুসৰি তেওঁলোকৰ নম্বৰৰ লগতে অন্যান্য ৰেকৰ্ড বোৰ অনলাইন পৰ্টেলত অন্তৰ্ভুক্ত কৰিব লাগিব। শিক্ষাৰ্থীসকলে পূৰ্বৰ ছমহীয়া পৰীক্ষাৰো ৰেকৰ্ডো এই পৰ্টেলত অন্তৰ্ভুক্ত কৰিব লাগিব।

এছ.ই.বি.এ.-ৰ অধিসূচনাত আৰু কোৱা হৈছে যে বিদ্যালয়সমূহ নিশ্চিত হ’ব লাগে যে যদি দশম শ্ৰেণীৰ কোনো শিক্ষাৰ্থীয়ে পুনৰ বিশেষ ছয়মহীয়া পৰীক্ষাত অৱতীৰ্ণ নহয় তেন্তে পৰৱৰ্তী হাইস্কুল শিক্ষান্ত পৰীক্ষা, হাই মাদ্ৰাছাৰ পৰীক্ষাৰ অনলাইন প্ৰপত্ৰ পূৰণ কৰিবলৈ অনুমতি প্ৰদান কৰা নহ’ব।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Zy0fLG
via IFTTT

Comments