যোৰহাটৰ অনিমেষ হত্যাকাণ্ডত কোন কোন আছিল জড়িত? চাওক নামৰ তালিকা…

ডিজিটেল ডেস্কঃ যোৰহাটৰ মাজমজিয়াত সংঘটিত হোৱা জঘন্য কাণ্ডৰ সৈতে জড়িত মুঠ ১০ জনক আটক কৰিছে আৰক্ষীয়ে। এই পৰ্যন্ত আটক হোৱা এই ১০ জন অভিযুক্তৰ নাম ক্ৰমে মোহন দাস, দেৱা দাস, সৰুলৰা দাস, চিৰঞ্জীৱ, বিতোপন দাস, বিক্ৰম দাস, সুভাষ বৰা, অভিনাশ বৰা। যোৰহাটৰ আৰক্ষী অধীক্ষকে এই বিষয়ে সদৰি কৰিছে।
ইফালে এই ঘটনাৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে পুৱাই প্ৰয়াত অনিমেষ ভূঞাৰ ঘৰত উপস্থিত হৈছে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী। ইয়াৰোপৰি অনিমেষ ভূঞাৰ বাসগৃহত উপস্থিত আছে যোৰহাট জিলাৰ উপায়ুক্তৰ লগতে শীৰ্ষ বিষয়াসকল।
মুখ্যমন্ত্ৰীৰ সৈতে আলোচন কৰি জিলা উপায়ুক্তগৰাকীয়ে অনিমেষৰ পৰিয়াললৈ আৰ্থিক সাহায্য প্ৰদানৰ কথাও ঘোষণা কৰিছে। আনহাতে অতি শীঘ্ৰে ঘটনাৰ সৈতে জড়িত সকলোকে আটক কৰি ফাষ্টট্ৰেক আদালতত বিচাৰ প্ৰক্ৰিয়া সম্পন্ন কৰা হ’ব বুলিও আশ্বাস প্ৰদান কৰিছে।
পুৱাই উপস্থিত হোৱা মন্ত্ৰী ডাঃ ৰণোজ পেগুয়ে কয় যে, দুই ধৰণে তদন্ত আৰম্ভ হৈছে। প্ৰশাসনে প্ৰশাসনৰ ফালৰ পৰা তদন্ত আৰম্ভ কৰিছে আৰু আৰক্ষীয়েও তদন্ত কৰিছে। কাৰ গাফিলতিৰ বাবে এই ঘটনা সংঘটিত হ’ল সেই বিষয়েও তদন্ত হ’ব।
এই ঘটনাৰ পিছতে যোৰহাট আছুৱে সমগ্ৰ ঘটনাৰ তদন্ত কৰি ২৪ ঘণ্টাৰ ভিতৰত ঘটনাৰ সৈতে জড়িত সকলোকে আটক কৰিবলৈ দাবী জনোৱাৰ লগতে বিক্ষোভ কাৰ্যসূচীও হাতত লৈছে। ইফালে এই সমগ্ৰ ঘটনাৰ তদন্ত কৰিবলৈ যোৰহাটৰ মহকুমাধিপতি (সদৰ) আকাশী দুৱৰাক নিৰ্দেশ প্ৰদান কৰা হৈছে। দুৱৰাই ১০ দিনৰ ভিতৰত সমগ্ৰ ঘটনাৰ তদন্ত কৰি প্ৰতিবেদন দাখিল কৰিব লাগিব।
মন কৰিবলগীয়া যে যোৰহাট টাউনৰ মাজমজিয়াত সোমবাৰে সংঘটিত হোৱা এই ঘটনাৰ সৈতে ড্ৰাগছ আসক্ত একাংশ যুৱকৰ নামো জড়িত হৈ পৰিছে। সোমবাৰে নিশাৰ ভাগত মৃত অনিমেষ ভূঞাৰ শেষকৃত্য সম্পন্ন হয়। এই অনুষ্ঠানত ছাত্ৰ সন্থাকে ধৰি বহু সংগঠনৰ নেতা-সদস্যৰ লগতে হাজাৰৰো অধিক লোকে অংশগ্ৰহণ কৰে। আনহাতে খকন্দগুৰি অঞ্চলত অনিমেষৰ এক প্ৰতিমূৰ্তি স্থাপন কৰাৰো দাবী উত্থাপন হৈছে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3D7kWvJ
via IFTTT
Comments
Post a Comment