কোকৰাঝাৰত লায়নচ্ ক্লাৱৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিৱিৰ আৰু সজাগতা ৰেলী…

ডিজিটেল সংবাদ, কোকৰাঝাৰ কোকৰাঝাৰ লায়নচ্ ক্লাৱ গ্ৰেটাৰৰ উদ্যোগত আজি চহৰত মধুমেহ ৰোগৰ সজাগতাৰ ওপৰত মটৰচাইকেল ৰেলী সম্পন্ন হোৱাৰ লগতে বিনামুলীয়াভাৱে মধুমেহ ৰোগ চিনাক্তকৰণৰ পৰীক্ষণ শিৱিৰ অনুষ্ঠিত হয় । কোকৰাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা উক্ত বিনামুলীয়া মধুমেহ ৰোগ চিনাক্তকৰণৰ পৰীক্ষণ শিৱিৰত বহুসংখ্যক লোকে পৰীক্ষা কৰে ।

উক্ত অনুষ্ঠানৰ সতে সংগতি ৰাখি কোকৰাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰত এক সভাও অনুষ্ঠিত হয় যত বিধায়ক লৰেঞ্চ ইছলাৰী , বিটিআৰৰ ভাৰপ্ৰাপ্ত আইজিপি ড° এল আৰ বিষ্ণই , পৌৰপতি প্ৰতিভা ব্ৰহ্ম , জিলা উপায়ুক্ত বৰ্ণালী ডেকা , ড: কৌশিক দাস , মধুমেহ বিশেষজ্ঞ ড: ডি. শৰ্মা আদিকে ধৰি বহু বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰে ।

নিজ ভাষণত লৰেঞ্চ ইছলাৰীয়ে লায়নচ্ ক্লাৱৰ উদ্যোগক প্ৰশংসা কৰি লায়নচ্ ক্লাৱে সদায়ে জনহিতকৰ কাৰ্য কৰি আহিছে বুলি মন্তব্য কৰিছে ।বিটিআৰৰ আইজিপি ড° এল আৰ বিষ্ণয়ৱে মধুমেহ ৰোগক নীৰৱ ঘাতক হিচাপে আখ্যা দি স্বাস্থ্যৰ প্ৰতি সচেতন হবলৈ সকলোৰে প্ৰতি আহ্বান জনায় ।
উল্লেখ্য যে মধুমেহ ৰোগ চিনাক্তকৰণ শিৱিৰ , ঔষধ বিতৰণৰ সমান্তৰালভাৱে আজি লায়নচ্ ক্লাৱে সদৰ চহৰত সজাগতামুলক মটৰচাইকেল ৰেলীও বাহিৰ কৰে ।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3p7bKCj
via IFTTT

Comments