কৃষিকৰ্মৰে উজ্জ্বলিছে নাহৰকটীয়াৰ তিনিগৰাকী মহিলা…

ডিজিটেল সংবাদ, নাহৰকটীয়াঃ নিজে স্বাবলম্বী হোৱাৰ লগতে আন দহ গৰাকী নাৰীৰ বাবে আদৰ্শ হিচাপে ঠিয় দিছে নাহৰকটীয়াৰ ডেইলী বজাৰৰ ৰীতা হাজৰিকা গোঁহাই, নাহৰকটীয়া ডেইলী বজাৰৰে কৃষ্ণা চেংলাৰী গগৈ আৰু নাহৰকটীয়াৰ নিগাম অঞ্চলৰ মালক্ষী সোণোৱালে।
এই তিনি মহিলাই স্বামীৰ পৰা হাত খৰছ হিচাপে পোৱা ধন কোনো ধৰণৰ অলাগতীয়াল কামত খৰছ নকৰি নিজকে স্বাবলম্বী হবলৈ সেই টকা বিনিয়োগ কৰিছে সৰিয়হৰ খেতিত। মহিলা কেইগৰাকীয়ে সেইজ আত্মসহায়ক গোট নামেৰে এটা গোট খুলি চাচনীৰ গটংৰ গৰুৱামাৰী গাওঁত ষোল্ল বিঘা মাটিত প্ৰায় আশী হাজাৰ টকা খৰছ কৰি প্ৰথমবাৰৰ বাবে আৰম্ভ কৰিছে সৰিয়হৰ খেতি।
এই তিনি মহিলাই পুৱাই ঘৰৰ সকলো কাম বন সমাপন কৰি দিনটো সৰিয়হ বাৰীত কৰা কষ্ট, ত্যাগ আৰু শ্ৰমৰ ফলত বৰ্তমান লহপহকৈ বাঢ়ি অহা ফলে ফুলে জাতিস্কাৰ হোৱা সৰিয়হ ডৰা এতিয়া চালে চকুৰোৱা হৈছে। অনেক প্ৰতিবন্ধকতা আৰু সীমাবদ্ধতাৰ মাজৰে কৰা এই সৰিয়হ খেতি দুই এদিনতে চপাই অতি কমেও এক লাখৰ পৰা ডেৰ লাখ টকা পৰ্যন্ত লাভৰ আশা দেখিছে ৰীতা,মালক্ষী আৰু কৃষ্ণাই ।
আজৰি সময়ত সামাজিক মাধ্যম বা অনলাইন শ্বপিংত ব্যস্ত নাথাকি এনেকৈ কৃষি কৰ্মত জপিয়াই পৰা দেখি উৎফুল্লিত হৈ মহিলা সকলক পূৰ্ণ সহায় সহযোগিতা আগবঢ়াইছে তেওঁলোকৰ স্বামী তথা পৰিয়ালৰ সদস্য সকলে ।
কঠোৰ পৰিশ্ৰমৰ জৰিয়তে স্বাবলম্বী হোৱাৰ দিশে এখোজ আগুৱাই গৈছে মহিলাৰ দলটো। মহিলা দলটোৰ সাফল্যত এতিয়া গৌৰাৱান্বিত নাহৰকটীয়াৰ প্ৰতিজন লোক। এই তিনি পৰিশ্ৰমী মহিলা আন দহ গৰাকী মহিলাৰ বাবে এক আদৰ্শ হওঁক তাকে এতিয়া সকলোৱে কামনা কৰিছে ।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3o1ah1j
via IFTTT
Comments
Post a Comment