বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননীঃ এই ৮খন ৰাজ্যত হ’ব প্ৰৱল বৃষ্টিপাত…

ডিজিটেল ডেস্কঃ বতৰ বিজ্ঞান কেন্দ্ৰই শেহতীয়াকৈ দেশৰ ৮খন ৰাজ্যত জাৰি কৰিছে হাই এৰ্লাট। কেন্দ্ৰই সদৰি কৰা তথ্য অনুসৰি এই ৰাজ্যকেইখন ২৯নৱেম্বৰৰ পৰা ১ ডিচেম্বৰৰ ভিতৰত হব প্ৰৱল বৃষ্টিপাত।

বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা অনুসৰি, তামিলনাডু, পুডুচেৰী, কেৰালা, অন্ধ্ৰপ্ৰদেশ, লক্ষ্যদ্বীপত প্ৰৱল বৃষ্টিপাত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ইয়াৰ বিপৰীতে আৰৱ সাগৰৰ ঘূৰ্ণী বতাহৰ ফলত গুজৰাট, গোৱা আৰু মহাৰাষ্ট্ৰতো বৃষ্টিপাত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3E24fCW
via IFTTT

Comments