মাজুলীবাসীৰ আশা পূৰণৰ দিশতঃ মাজুলী-যোৰহাট সংযোগী দলঙৰ প্ৰথমটো খুটাঁ পুতিব আজি মুখ্যমন্ত্ৰীয়ে…

ডিজিটেল ডেস্কঃ মাজুলীবাসীৰ বহুদিনীয়া এক আশা বাস্তৱত পৰিণত হোৱাৰ দিশে আগবাঢ়িছে। আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাজুলী-যোৰহাট সংযোগী দলঙৰ প্ৰথমটো খুটাঁ পুতা অনুষ্ঠানত উপস্থিত থাকি এই কাৰ্যৰ শুভাৰম্ভ কৰিব। এই দলংখনৰ মুঠ দৈঘ্য হব ৮০২৫মিটাৰ।
লক্ষ্ণৌৰ এটা প্ৰতিষ্ঠানে নিৰ্মাণ কৰিব এই দলংখন। ইতিমধ্যে দলঙখন নিৰ্মাণৰ বাবে বিভিন্ন সা-সামগ্ৰী আহি পৰ্যায়ক্ৰমে মাজুলী পাইছেহি। বিশেষকৈ মাজুলী ফেৰী দুৰ্ঘটনাৰ পাছতে মুখ্যমন্ত্ৰীয় ৪বছৰৰ ভিতৰতে দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ হব বুলি প্ৰতিশ্ৰুতি দিয়াৰ পাছতে অধিক তৎপৰ হোৱা দেখা গৈছিল।
আজি দিনৰ ১১বজাত দক্ষিণপাট সত্ৰত এই দলঙৰ শুভাৰম্ভণি কাৰ্যসূচীৰৰ আয়োজন কৰা হৈছে। দলংখন নিৰ্মাণৰ বাবে ৯২৫কোটিৰো অধিক টকা অনুমোদন জনোৱা হৈছে। উল্লেখ্য যে, এই দলংখনৰ নিৰ্মাণৰ কামকাজ অসমৰ বিত্তমন্ত্ৰীয়ে চোৱাচিতা কৰাৰ লগতে আনুসংগিক বিভিন্ন পুজিঁৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে সহায় কৰিব।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/31bZJDe
via IFTTT
Comments
Post a Comment