ঘন কুঁৱলীঃ ভয়ংকৰ পথ দুৰ্ঘটনাত ১৮গৰাকীৰ মৃত্যু….

ডিজিটেল ডেস্কঃ ঘন কুৱলীৰ ফলত পশ্চিম বংগত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত নিহত হৈছে ১৮গৰাকীকৈ লোক। ৫গৰাকী লোক আহত হোৱাৰ খবৰ ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশ পাইছে। শনিবাৰে নিশা নয়দা জিলাত সংঘটিত হোৱা এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰীয়ে।
উল্লেখ্য যে, বিপৰীত দিশৰ পৰা অহা এখন ট্ৰাকত খুন্দা মৰাৰ ফলতে সংঘটিত হয় এই দুৰ্ঘটনাতো। প্ৰচণ্ড গতিত অহাৰ বাবেই এনে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হবলৈ পালে বুলি প্ৰত্যক্ষদৰ্শীয়ে সংবাদ মাধ্যমৰ আগত কৰিছে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3D42zrk
via IFTTT
Comments
Post a Comment