জি এম চিৰ নিৰ্দেশনা অমান্য কৰি ৰাজপথত পাৰ্কিং শাৰী শাৰী চিটি বাছ…

ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীৰ ৰাজপথৰ যান-যত হ্ৰাস কৰিবলৈ জি এম চিয়ে ৰাজপথত চিটিবাছ পাৰ্কিং কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছিল। এক নিৰ্দেশনাৰ জৰিয়তে এই বিষয়ে অৱগত কৰিছিল। কিন্তু জি এম চিৰ সেই নিৰ্দেশনা এতিয়া ফুটকাৰ ফেনত পৰিনত হৈছে। জি এম চিৰ নিৰ্দেশনা অমান্য কৰি এতিয়াও বহু বাছ গুৱাহাটী মহানগৰীৰ ৰাজপথত পাৰ্কিং কৰি থোৱা পৰিলক্ষিত হৈছে।

সোমবাৰে পুৱা মহানগৰীৰ জু-ৰোড তিনিআলিৰ ট্ৰেফিক পইণ্টৰ সমীপত দেখা গ’ল শাৰী শাৰীকৈ চিটি বাছ পাৰ্কিং কৰি থোৱা। যাৰ বাবে সাধাৰণ যাত্ৰীয়ে এই পথৰে বাহন লৈ যোৱাৰ ক্ষেত্ৰত তীব্ৰ অসুবিধাৰ সন্মুখীন হৈছে । সৃষ্টি হৈছে যান-যত। এই দৃশ্য মহানগৰৰ যান-বাহন আৰক্ষীৰ দৃষ্টি গোচৰ হৈছে যদিও লোৱা নাই কোনো ব্যৱস্থা।

এইদৰে দিনৰ পোহৰতে জি এম চিৰ নিৰ্দেশনাক অংগুষ্ঠ প্ৰদৰ্শন কৰি চিটিবাছ পাৰ্কিং কৰা ঘটনাই এতিয়া জি এম চিৰ লগতে যান-বাহন আৰক্ষীয়ে চিটিবাছ চালকক নাকি লগাব নোৱাৰাটোকেই প্ৰমাণ কৰিছে। উল্লেখ্য যে, মহানগৰীত চিটিবাছৰ দৌৰাত্ম্য ৰোধ কৰিবলৈ পূৰ্বেও বহু ব্যৱস্থা হাতত লৈছিল যদিও সেই ব্যৱস্থা কাৰ্যত অসাৰ প্ৰতিপন্ন হৈছে। আজিও মহানগৰৰ চিটিবাছ চালকে পালন নকৰে ট্ৰেফিক সম্পৰ্কীয় নীতি-নিয়ম।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3o7wXgs
via IFTTT

Comments