থানাৰ সন্মুখতে ম্যাদ পাৰ হোৱা শিশু খাদ্য বিক্ৰী সিন্ধু মেডিকেলৰ…

ডিজিটেল সংবাদ , নগাঁও : শিশুৰ বাবে উৎপাদিত ম্যাদ পাৰ হোৱা সামগ্ৰী খোৱাৰ পিছত নগাঁৱত এটি শিশু অসুস্হ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ ধনৰ লোভত চহৰ খনৰ একাংশ ঔষধ বিক্ৰেতাই ম্যাদ পাৰ হোৱা শিশু খাদ্য বিক্ৰি কৰা ঘটনাই শিশুৰ জীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে ৷

অভিযোগ মতে ইটাচালী আৰক্ষী চকীৰ সন্মূখতে আছে সিন্ধু মেডিকেল নামৰ ঔষধ বিক্ৰি প্ৰতিস্হান খন ৷ সিন্ধুৰ পৰা পঙ্কজ নামৰ ব্যক্তি জনে অসুস্হ নব জাতকৰ বাবে ক্ৰয় কৰিছিল গাখীৰৰ খাদ্য সামগ্ৰী ৷ সেই সামগ্ৰী খোৱাৰ পিছতে শিশুটিয়ে বমি কৰিবলৈ ধৰে ৷ প্ৰথম অৱস্হাত অভিভাবকে কিহৰ কাৰনে বমি কৰি আছে ধৰিব পৰা নাছিল যদিও পিছত জানিব পাৰে যে সিন্ধুৰ পৰা ক্ৰয় কৰা গাখীৰৰ সামগ্ৰীৰ টেমাটি ম্যাদ পাৰ হোৱা আছিল ৷

২২ নবেম্বৰত পঙ্কজে সিন্ধুৰ পৰা গাখীৰ কিনোতে বিক্ৰেতাই ম্যাদ পাৰ হোৱা টেমা দিয়াৰ পিছত বিষয়টো অনুসন্ধান কৰিবলৈ ২৭ নবেম্বৰত পুনৰ উপস্হিত হয় ৷ ব্যক্তিজনে সিন্ধু মেডিকেলক পুনৰ গাখীৰৰ সামগ্ৰী বিচাৰে ৷ বিক্ৰেটাই পুনৰ ম্যাদ পাৰ হোৱা গাখীৰৰ টেমা উলিয়াই দিয়ে ৷ ব্যক্তিজনে এই ঘটনাৰ প্ৰতিবাদ কৰে ৷ পৰবৰ্তী সময়ত অভিভাবক জনে বিষয়টো সামাজিক মাধ্যমত ৰাজহুৱা কৰে ৷

ইফালে সিন্ধু মেডিকেলৰ স্বতাধিকাৰীয়ে ম্যাদ পাৰ হোৱা শিশু খাদ্য বিক্ৰিৰ কৰা বিষয়টো স্বীকাৰ কৰিছে ৷ ভুলতে বিক্ৰি কৰি থকা বুলি দেওঁবাৰে মন্তব্য কৰি স্পৰ্শকাতৰ বিষয়টোৰ পৰা দায় সাৰিব বিচাৰিছে সিন্ধু মেডিকেলৰ স্বতাধিকাৰীজনে ৷



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3E2HjDx
via IFTTT

Comments