১০০ বিঘা মাটিত মহিলাই কৰিছে বাঁহৰ খেতিঃ ৭০-৮০ গৰাকী মহিলাই প্ৰতিদিনে ৪ হাজাৰ জোপা বাঁহক কৰে প্ৰতিপালন…

ডিজিটেল সংবাদ মঙলদৈঃ মন কৰিলেই চন, বাকৰিতে আছে ধন, এই প্ৰাপ্ত বাক্যশাৰী যেন আখৰে আখৰে মিলিব ধৰিছে দৰঙৰ উত্তৰ পাৰৰ দলংঘাট ভকত পাৰা এজাক মহিলাৰ ক্ষেত্ৰত। স্বাৱলম্বীতাৰে বাবে আগবাঢ়িব খোজা এই মহিলাসকলক সংগ দিছে স্থানীয় কেইবাখনো গাঁৱৰ প্ৰায় পাঁচ শতাধিক মহিলাই। দৰঙৰ এগৰাকী সমাজসেৱী ডঃ স্বৰ্ণা দেৱীৰ নেতৃত্বত আত্মনিৰ্ভৰশীল ভাৰত অভিযান ৰ জৰিয়তে ” থ্ৰি মাৰ্ডাৰছ এন জি অ” উদ্যোগত নাৰ্বাডৰ সহযোগত ভকতপাৰাৰ পৰিত্যক্ত ১০০ বিঘা বাহঁতলীত স্থানীয় জাতি, ভলকা, কটাঁ, মকল বাহঁৰ লগতে আমদানিকৃত থাইলেণ্ডৰ বাহঁ চাৰি হাজাৰ জোপা ৰোপন কৰা হৈছে।
দৈনিক ৭০-৮০ জনী মহিলাই বাহঁ ৰোপনৰ লগতে ১ ঘন্টাকৈ বাহঁ ৰোপন প্ৰতিপালন, ইয়াৰ দ্বাৰা কেনেকৈ নিত্য ব্যৱহাৰ্য সামগ্ৰী তৈয়াৰ কৰিব পাৰি তাৰো প্ৰশিক্ষণ আগবঢ়াই আহিছে। ১৫ দিনলৈ এই প্ৰশিক্ষণ অনুষ্ঠিত হব । ব্যতিক্ৰমী আচঁনি হিচাপে দৰং জিলাত প্ৰথমবাৰৰ বাবে ৰোপন কৰা এই বাঁহ গছ সমূহ ৪-৫ বছৰৰ ভিতৰত বজাৰলৈ উলিয়াই দিব পৰা হব। উল্লেখযোগ্য যে ডঃ স্বৰ্ণা দেৱীয়ে একক প্ৰচেষ্টাৰে হস্তশিল্প বোৱা কটাৰ জৰিয়তে থলুৱা বস্ত্ৰ উৎপাদনত দৰঙত এক বিপ্লৱ গঢ়ি তোলাৰ চেষ্টা কৰি আহিছে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3nWBSRh
via IFTTT
Comments
Post a Comment