যৌতুকৰ দাবীত পত্নীক হাত-ভৰি বান্ধি, মুখত সোপা দি প্ৰহাৰঃ নিৰ্যাতিতৰ মৃত্যুৰ পিছতে উত্তপ্ত পৰিস্থিতি…

ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম থানাৰ অন্তৰ্গত গুৱাবাৰীত স্বামীৰ অকথ্য অত্যাচাৰত পত্নীৰ মৃত্যু হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰতিদিনে যৌতুক বিচাৰি স্বামী আবু বক্কৰ ছিদ্দিকে নিজ পত্নী মঞ্জুৱালা বেগমক কৰা অত্যাচাৰে যোৱা ২০ নৱেম্বৰত চূড়ান্ত পৰ্যায় পায় আৰু সেইদিনা মঞ্জুৱালা বেগমক হাত ভৰি বান্ধি আৰু মুখত সোপা দি প্ৰহাৰ কৰাত মঞ্জুৱালা বেগম অচেতন হৈ পৰে । অচেতন হৈ পৰা মঞ্জুৱালা বেগমক প্ৰথমে ফকিৰাগ্ৰাম চিকিৎসালয়, তাৰপিছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী, গুৱাহাটীৰ পৰা কোচবিহাৰ আৰু কোচবিহাৰৰ পৰা শিলিগুৰীলৈ নিয়া হয় যদিও সোমবাৰে অৰ্থাৎ ২৯ নৱেম্বৰ নিশা চিকিৎসাধীন অৱস্থাতে কৰুণ মৃত্যুক সাৱটি লয় ।
যৌতুকৰ পৰিণতিতে কৰুণ মৃত্যুক সাৱটি লোৱা মঞ্জুবালা বেগমৰ শৱদেহ মঙ্গলবাৰে শিলিগুৰীৰ পৰা ফকিৰাগ্ৰামৰ নিজ বাসগৃহ আহি পোৱাৰ পিছতে গুৱাবাৰীৰ নিজ গৃহত এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয় । নিহতৰ পৰিয়াল আৰু বিভিন্ন দল সংগঠনে ঘটনাৰ বিচাৰ প্ৰক্ৰিয়া ফাষ্টট্ৰেক আদালতত কৰাৰ দাবী উত্থাপন কৰি আবু বক্কৰ ছিদ্দিকক ফাঁচি দিবলৈ দাবী উত্থাপন কৰিছে । ইপিনে ঘটনাস্থলীত ফকিৰাগ্ৰাম আৰক্ষীৰ দল এটা উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া অব্যাহত বুলি মন্তব্য কৰাৰ লগতে অভিযুক্ত আবু বক্কৰ ছিদ্দিক বৰ্তমান পলাতক বুলি সদৰি কৰিছে ।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3FWji1G
via IFTTT
Comments
Post a Comment