আজিৰে পৰা সংসদৰ শীতকালীন অধিৱেশনঃ বাতিল হ’ব কৃষি আইন…

ডিজিটেল ডেস্কঃ আজিৰে পৰা আৰম্ভ হব সংসদৰ শীতকালীন অধিৱেশন। ইতিমধ্যে সৰ্বদলীয় বৈঠক অনুষ্ঠিত হোৱা যোৱাৰ পাছত ২৫দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হব এই অধিৱেশন। এই অধিৱেশন এইবাৰ বিশেষভাৱে গুৰুত্বপূৰ্ণ ভাৱে বিবেচিত হৈছে। প্ৰায় ৩৬খনকৈ বিধেয়ক এইবাৰৰ অধিৱেশনত গৃহীত হোৱাৰ সম্ভাৱনা আছে।

ইফালে এই অধিৱেশন গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হোৱা আন এটা দিশ হৈছে এই অধিৱেশনতে কেন্দ্ৰই প্ৰত্যাহাৰ কৰিব লাগিব বিৰ্তকিত ৩খনকৈ কৃষি আইন। এই আইন বাতিল কৰা হব বুলি প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিছে যদিও সদনৰ আনুষ্ঠানিকতা এই অধিৱেশনতে সম্পন্ন হব। অধিৱেশনৰ প্ৰথমদিনাই সদনৰ মজিয়াত উত্থাপিত হব কৃষি আইন বাতিলৰ প্ৰসংগ।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3E2TksR
via IFTTT

Comments