গহপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাঃ নিহত ১জন, সংকটজনক অৱস্থাত চিকিৎসাধীন ২ জন…

ডিজিটে ডেস্কঃ ৰাজ্যত শেহতীয়াকৈ ধাৰাবাহিকভাৱে সংঘটিত হৈ আহিছে পথ দুৰ্ঘটনাৰ ঘটনা। প্ৰতিদিনেই ৰাজ্যৰ ৰাজপথত দুৰ্ঘটনা সংঘটিত হৈ মৃত্যু মুখত পৰিছে বহুজন। শেহতীয়াকৈ সোমবাৰে নিশা গহপুৰত সংঘটিত হ’ল এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত এজন নিহত হোৱাৰ লগতে আহত হৈছে আ দুজন।
জানিব পৰা মতে এখন বাইকত ৩ জন ব্যক্তি উঠি আহি পথৰ কাষৰ ডিভাইডাৰত খুন্দা মাৰে। এই ঘটনাত বাইক আৰোহী ৩ জন ব্যক্তিয়েই আঘাটপ্ৰাপ্ত হয়। ইয়াৰে গুৰুতৰভাৱে আহত কংকন বৰা নামৰ যুৱকজনৰ গহপুৰ চিকিৎসালয়ত মৃত্যু হয়। আনহাতে সংকটজনক অৱস্থাত আন দুজন আহতক নিশাই তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ হাস্পাতাললৈ প্ৰেৰণ কৰা হয়।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3G4Vclz
via IFTTT
Comments
Post a Comment