নাগালেণ্ডত আবদ্ধ মৰিয়নি অভিমুখী অনুজ্ঞাপত্ৰবিহীন শতাধিক কয়লাপৰিবাহী ট্ৰাক…

ডিজিটেল সংবাদ মৰিয়নিঃ কয়লাৰ চোৰাং কাৰবাৰ আৰু চিণ্ডিকেট বন্ধ কৰাৰ বাবে ৰাজ্য চৰকাৰে কয়লা ব্যৱসায়ীক অনুজ্ঞাপত্ৰ প্ৰদান কৰা সময়তে মৰিয়নিত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে কয়লাব্যৱসায়ীসকলৰ মাজত। নাগালেণ্ড সীমান্তত আবদ্ধ হৈ পৰিছে মৰিয়নি অভিমুখী শতাধিক কয়লাপৰিবাহী ট্ৰাক।নাগালেণ্ডৰ আওখামত আবদ্ধ হৈ পৰা কয়লাপৰিবাহী ট্ৰাকসমূহক লৈ বিপাঙত পৰিছে মৰিয়নিৰ কয়লা ব্যৱসায়ীসকল।

জানিবপৰা মতে মৰিয়নিৰ তিনিজন কয়লাব্যৱসায়ীয়ে কয়লা সৰবহাৰ অনুজ্ঞপত্ৰৰ বাবে আবেদন জনাইছে যদিও এইমুহূৰ্তলৈকে সঞ্জীৱ চূড়ী নামৰ এজন কয়লা ব্যৱসায়ীয়ে অনুজ্ঞা পত্ৰ লাভ কৰাৰ বিপৰীতে গৰিষ্ঠসংখ্যক ব্যৱসায়ীৰ নাই অনুজ্ঞাপত্ৰ।ইফালে কয়লা সৰবৰাহৰ প্ৰয়োজনীয় অনুজ্ঞাপত্ৰ নথকাৰ বাবে কয়লাপৰিবাহী ট্ৰাকসমূহক অসমৰ প্ৰশাসনে এইমুহূৰ্তলৈকে অসমত প্ৰবেশৰ অনুমতি দিয়া নাই ।

মন কৰিবলগীয়া যে নিৰ্ধাৰিত ওজনতকৈ মাত্ৰাধিক কয়লা বোজাই কৰি মৰিয়নিৰপৰা ৰাজ্যৰ ভিন্ন প্ৰান্তলৈ কয়লা সৰবৰাহ কৰি আহিছে ।আনকি নাগালেণ্ডৰ কয়লাক লৈ মৰিয়নিত এক চক্ৰই চিণ্ডিকেতৰাজ চলাই অহাৰ অভিযোগ উত্থাপিত হৈ অহাৰ সময়তে কয়লা পৰিবহনত প্ৰশাসনে বাধা আৰোপ কৰাৰ পিচত এক কয়লাৰ মধ্যভোগী দালালে ট্ৰাকসমূহ অসমত প্ৰবেশৰ বাবে আৰক্ষী আৰু আবকাৰী শুল্ক বিভাগক মেনেজ কৰিবলৈ অপ্ৰান চেষ্টা চলাইঅহাৰ কথা জানিবপৰা গৈছে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3FWJcCe
via IFTTT

Comments