দক্ষিণ আফ্ৰিকাত কোভিডৰ নতুন ভেৰিয়েন্টক লৈ সষ্টম ভাৰতঃ সকলো ৰাজ্যলৈ কেন্দ্ৰৰ পত্ৰ…

corona

ডিজিটেল ডেস্কঃ অতিপাত দ্ৰুতগতিত আৰু পূৰ্বতকৈ ভয়ংকৰ দক্ষিণ আফ্ৰিকাত পোৱা কোভিড-19ৰ B.1.1.529 ভেৰিয়েণ্টৰ কোনো ৰোগী এই পৰ্যন্ত ভাৰতবৰ্ষত নাই। কিন্তু সেয়ে হলেওঁ কোৰোণাৰ এই নতুন প্ৰকাৰকলৈ ভাৰত চৰকাৰ ইতিমধ্যে সষ্টম হৈ পৰিছে।

কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে ৰাজ্যসমূহলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। ইয়াত কোৱা হৈছে, “NCDCৰ ফালৰ পৰা জনোৱা হৈছে যে, Botswanaত ৩ জন, দক্ষিণ আফ্ৰিকাত ৬জন আৰু হংকঙত ১জন লোকৰ শৰীৰত কোৰোণাৰ B.1.1.529 ভেৰিয়েণ্টৰ সংক্ৰমণ ধৰা পৰিছে।

ভূষণে লগতে কৈছে যে, এই দেশবোৰৰ উপৰিও, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে জাৰি কৰা নিৰ্দেশনাৱলীত অন্তৰ্ভুক্ত “বিপদাশংকা” দেশৰ যাত্ৰীসকলৰ কঠোৰ স্ক্ৰীণিং কৰাটো বাধ্যতামূলক। উল্লেখ্য যে, B.1.1.529 ভেৰিয়েণ্টে দক্ষিণ আফ্ৰিকালৈ এতিয়া ভাবুকি কঢ়িয়াইছে। বিশ্ব স্বাস্থ্য সংস্থাই কোৰোণা ভাইৰাছৰ এই ৰূপটোৰ ওপৰত চৰ্চা কৰিবলৈ জৰুৰী বৈঠকৰ আহ্বান কৰিছে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3cPRuPY
via IFTTT

Comments